নাওবৈচা, ১৭ জুলাইঃকৰ'ণাৰ গণ সংক্ৰমণৰ মাজতে শুকুৰবাৰে প্ৰাপ্যৰ দাবীত ৰাজপথলৈ ওলাই আহিল লখিমপুৰ জিলা মটক যুৱ ছাত্ৰ সন্মিলন ৷ নাওবৈচা লথৌ শান্তি সংঘৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰাপ্যৰ দাবী কৰে সংগঠনটোৱে ৷ মূলতঃ কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তি দিয়া,অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰা,নতুন ভূমি নীতিৰ অধ্যাদেশ বাতিল কৰা,ৰাজ্যৰ বানপানী আৰু গঢ়াখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰা,মটক জনগোষ্ঠীক জনজাতিকৰণ কৰা,ৰাজ্য চৰকাৰৰ ঘোষণাতে থকা মটক জনগোষ্ঠীৰ স্বায়ত্ত্ব শাসন প্ৰদান কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷
প্ৰাপ্যৰ দাবীত মটক যুৱ ছাত্ৰ সন্মিলনৰ মানৱ শৃংখল কাৰ্যসূচী - Nowboicha latest news
কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তি দিয়া,অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰা,নতুন ভূমি নীতিৰ অধ্যাদেশ বাতিল কৰা,ৰাজ্যৰ বানপানী আৰু গঢ়াখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰা,মটক জনগোষ্ঠীক জনজাতিকৰণ কৰা,ৰাজ্য চৰকাৰৰ ঘোষণাতে থকা মটক জনগোষ্ঠীৰ স্বায়ত্ত্ব শাসন প্ৰদান কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷
![প্ৰাপ্যৰ দাবীত মটক যুৱ ছাত্ৰ সন্মিলনৰ মানৱ শৃংখল কাৰ্যসূচী Nowboicha](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8062552-1047-8062552-1594986916293.jpg)
নাওবৈচা
প্ৰাপ্যৰ দাবীত মটক যুৱ ছাত্ৰ সন্মিলনৰ মানৱ শৃংখল কাৰ্যসূচী
লগতে পঢ়কঃ অৱশেষত আৰক্ষীৰ জালত কুখ্যাত তেলচোৰ জিতেন গগৈ
এই কাৰ্সূযচীৰ জৰিয়তে জনগোষ্ঠীয় সংগঠনটোৱে চৰকাৰক বিষয়সমূহ দৃষ্টিগোচৰ কৰাৰ চেষ্টা কৰে ৷ শুকুৰবাৰৰ এই কাৰ্যসূচীত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অৰূপ কুমাৰ বৰুৱা,লখিমপুৰ জিলা সমিতিৰ সভাপতি দুলাল কোঁৱৰ,সম্পাদক নৱজ্যোতি বৰপাত্ৰ, ধলপুৰ,বিহপুৰীয়া,লালুক,নাওবৈচা,হাৰমতী আঞ্চলিক সমিতি উপস্থিত থাকে ৷