নাওবৈচা, ১১ নৱেম্বৰ: বিভিন্ন ৰাজনৈতিক দলসমূহে ২০২১ চনৰ বিধানসভা নিৰ্বাচনক লৈ নিৰ্বাচনী কোচকাৱাজ আৰম্ভ কৰাৰ সমান্তৰালকৈ শাসকীয় বিজেপি দলেও নিৰ্বাচনী ৰণকৌশল যুগুত কৰিছে। বুধবাৰে বিজেপিৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি ফণীধৰ বৰুৱাই অগপ আৰু বিজেপিৰ মিত্ৰতাক লৈ মহা বিস্ফোৰণ ঘটাই লখিমপুৰৰ চাৰিওটা বিধানসভা সমষ্টিতে বিজেপি দলৰ প্ৰাৰ্থী দিয়াৰ বাবে ৰাজ্যিক নেতৃত্বক দাবী জনায়। আজি লখিমপুৰৰ ৰঙানদীপৰীয়া বামুণদলনিৰ কৃষ্টি ভৱনত অনুষ্ঠিত হোৱা বিজেপিৰ লখিমপুৰ জিলাৰ অনুসূচিত জনজাতি মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকি জিলা বিজেপিৰ সভাপতিগৰাকীয়ে এই দাবী উত্থাপন কৰে ৷
জিলা সভাপতিগৰাকীয়ে লগতে কয় যে, ৰাষ্ট্ৰীয় পৰ্যায়ত মিত্ৰতা কৰিলেও কোনোপধ্যেই জিলাখনৰ ঢকুৱাখনা, লখিমপুৰ, নাওবৈচা আৰু বিহপুৰীয়া সমষ্টি মিত্ৰ দল অগপক এৰি নিদিয়ে। লখিমপুৰ বিধান সভা সমষ্টিটো বৰ্তমান মিত্ৰ দল অগপৰ দখলত আছে যদিও বৰ্তমান বিধায়কগৰাকীৰ প্ৰতি ৰাইজে আস্থা হেৰুৱাইছে আৰু বিজেপিক আঁকোৱালি লৈছে আৰু লখিমপুৰ সমষ্টিত বৰ্তমান বিজেপিৰ সাংগঠনিক ভেঁটি সুদৃঢ় হৈছে। ঠিক সেইদৰে নাওবৈচা, ঢকুৱাখনা আৰু বিহপুৰীয়া সমষ্টিতো বিজেপিৰ দখল আছে। সেয়েহে, ৰাজ্যিক নেতৃত্বই লখিমপুৰৰ ৪ টা সমষ্টিতে বিজেপিৰ নিজা প্ৰাৰ্থীক দিয়াৰ ক্ষেত্ৰত বিবেচনা কৰিব বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে।