নাওবৈচা, 1 মেঃ সম্পূৰ্ণ আধ্যাত্মিকতাৰে বুধবাৰে নাওবৈচা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন 2019ৰ লাই খুঁটা স্থাপন কৰা হয় ৷ নাওবৈচা অঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি বিহুৰ পুৰাতন ঐতিহ্য ৰক্ষাৰে নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাই এইবাৰো ৩৬তম ৰঙালী বিহু সন্মিলন উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে ।
নাওবৈচা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন 2019ৰ লাই খুঁটা স্থাপন - লাই খুঁটা স্থাপন
ঐক্য-শান্তি আৰু সমন্বয়ৰ প্ৰতীক নাওবৈচা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ লাই খুঁটা স্থাপন
নাওবৈচা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন 2019 ৰ লাই খুঁটা স্থাপন
আৰু পঢ়কঃ নাতিৰ আক্ৰমণত আহত ৭০ বছৰীয়া আইতা
অহা ১২,১৩,আৰু১৪ মে'ত তিনিদিনীয়াকৈ উদযাপন কৰা হ'ব বিহু সন্মিলনখন ৷ বিহু সন্মিলন খনিৰ তিনিওটা দিনতে বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যক্ৰমণিকাৰ উপৰিও জনপ্ৰিয় শিল্পী গীতাঞ্জলি দাসে গীত পৰিৱেশন কৰিব । আনহাতে ১৪ মে'ৰ মুকলি সভাত অসম গৌৰৱ পদ্মশ্ৰী বঁটা প্ৰাপক ডঃ উদ্ধব কুমাৰ ভৰালীক সম্বৰ্ধনা জনোৱা হ'ব ৷