নাওবৈচা, ২১ফেব্ৰুৱাৰী: নাওবৈচাত বিশাল চাইকেল ৰেলীৰে নিৰ্বাচনীক ৰণডংকা বজালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এই চাইকেল ৰেলীত শতাধিক বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
উক্ত ৰেলীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেদি পহুমৰাৰ পৰা লালুকলৈকে ২০ কিল'মিটাৰ বাট অতিক্ৰম কৰে ৷ উল্লেখ্য যে, বিজেপিৰ এই ৰেলীৰ বাবে নাওবৈচা সমীপৰ 15 নং ৰাষ্ট্ৰীয় ঘাই পথত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় ৷ লগতে বহু সময়ৰ বাবে আৱদ্ধ হৈ পৰে ৰোগীক কঢ়িয়াই লৈ যোৱা এম্বুলেঞ্চ।