অসম

assam

ETV Bharat / state

নাওবৈচাৰ বানবিধস্ত অঞ্চলত বান সাহায্য প্ৰদান আজমল ফাউণ্ডেচনৰ - মামুন ইক্ৰামুল হক চৌধুৰীৰ

লখিমপুৰ জিলা জমিয়তৰ উদ্যোগত আজমল ফাউণ্ডেচনৰ সহযোগত দুই শতাধিক পৰিয়ালৰ মাজত বান সাহায্য বিতৰণ ৷ পাহাৰীয়া শিঙৰা নদীৰ সংহাৰী বানত দিক বিদিক হেৰুৱাই এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি থকা আৰ্তজনৰ কাষত আজমল ফাউণ্ডেশ্যন ৷

flood relife distibutaion ajmol foundantion
বান সাহায্য প্ৰদান আজমল ফাউণ্ডেচনৰ

By

Published : May 30, 2020, 5:52 PM IST

নাওবৈচা,৩০ মেঃ লখিমপুৰ জিলাৰ নাওবৈচাত যোৱা এসপ্তাহে শিঙৰা নদীৰ বানে অঞ্চলটোৰ শ-শ পৰিয়ালৰ মাজত বান বিভীষিকাৰে আতংক নমাই আনিছিল। বানৰ আতংকৰ মাজতে বানে বিধ্বস্ত কৰা অঞ্চলটোৰ পৰিয়ালসমূহৰ মাজত খাদ্য সামগ্ৰীৰ নাটনিয়ে দেখা দিছিল। খাদ্য সামগ্ৰী নাটনিয়ে দেখা দিয়া এই আৰ্তজনৰ কাষত থিয় দি আজমল ফাউণ্ডেচনে কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে।

বান সাহায্য প্ৰদান আজমল ফাউণ্ডেচনৰ

শনিবাৰে লখিমপুৰ জিলা জমিয়ত (আজমল)ৰ উদ্যোগত আৰু লখিমপুৰ জিলা জমিয়তৰ সাধাৰণ সম্পাদক মামুন ইক্ৰামুল হক চৌধুৰীৰ তত্বাৱধানত আজমল ফাউণ্ডেশ্যনে বানবিধস্ত অঞ্চলটোৰ প্ৰায় দুই শতাধিক পৰিয়ালৰ মাজত খাদ্যসামগ্ৰী বিতৰণ কৰে। বানবিধ্বস্ত অঞ্চলটোৰ গেলাহাটী, গোসাঁনীবাৰী, চেঙেলীজান, মিনিমাৰ্কেট, আহোমণি, আদিকে ধৰি বানে অতি বিধ্বস্ত কৰা গাওঁকেইখনত চাউল ৪ কিলো,বুটমাহ ১ কিলো,ডাইল ১ কিলো,চেনি ১ কিলো, মিঠাতেল ১ লিটাৰ, এটাকৈ খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণৰ কৰে। ইফালে সংহাৰী বানে বিপন্ন কৰা এই সময়ছোৱাত আজমল ফাউণ্ডেশ্যনে দূখীয়া দৰিদ্ৰৰ বাবে লোৱা পদক্ষেপক জিলা জমিয়তৰ সাধাৰণ সম্পাদক মামুন ইক্ৰামুল হক চৌধুৰীয়ে মৌলানা বদৰুদ্দিন আজমলক ধন্যবাদ জনায়।

লগতে পঢ়কঃ ‘এক্সন আইকন’ হোৱাৰ আশা অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ

ABOUT THE AUTHOR

...view details