অসম

assam

ETV Bharat / state

নাওবৈচাৰ ছয় শতাধিক কৃষকৰ মাজত শালি ধানৰ বীজ বিতৰণ - কৃষকৰ মাজত শালি ধানৰ বীজ বিতৰণ

অসম চৰকাৰৰ কৃষি বিভাগৰ ২০২০-২১ বৰ্ষৰ এন.এফ.এছ.এম আঁচনিৰ অধীনত লখিমপুৰ কৃষি বিভাগৰ উদ্যোগত বিতৰণ কৰা হয় এই বীজ সমূহ । ৬ শতাধিক কৃষকৰ মাজত ৪০ কুইণ্টল হাইব্ৰীড বীজ বিতৰণ কৰা হয় ।

নাঁওবৈচাৰ ছয় শতাধিক কৃষকৰ মাজত শালি ধানৰ বীজ বিতৰণ
নাঁওবৈচাৰ ছয় শতাধিক কৃষকৰ মাজত শালি ধানৰ বীজ বিতৰণ

By

Published : Jun 18, 2020, 10:12 PM IST

নাওবৈচা, ১৮জুন: নাওবৈচাৰ কৃষি চক্ৰৰ অধীনস্থ আঠখন গাঁৱৰ ছয় শতাধিক কৃষকৰ মাজত বুধবাৰে দলহাট সোণাপুৰ পুখুৰীয়া নামঘৰ প্ৰাংগণত উন্নত জাতৰ শালি ধানৰ বীজ বিতৰণ কৰা হয় । অসম চৰকাৰৰ কৃষি বিভাগৰ ২০২০-২১ বৰ্ষৰ এন.এফ.এছ.এম আঁচনিৰ অধীনত লখিমপুৰ কৃষি বিভাগৰ উদ্যোগত এই বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

নাওবৈচাৰ ছয় শতাধিক কৃষকৰ মাজত শালি ধানৰ বীজ বিতৰণ

নাওবৈচা কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া গৌতম ৰায় চৌধুৰীৰ তত্বাৱধানত নাওবৈচাৰ ৮ খন গাঁৱৰ প্ৰায় ৬ শতাধিক কৃষকৰ মাজত ৪০ কুইণ্টল হাইব্ৰীড ৰঞ্জিত চাৱ-১ শালি ধানৰ বীজ বিতৰণ কৰা হয় । বিশেষকৈ বানাক্ৰান্ত অঞ্চলত এই জাতৰ কঠীয়া এমাহলৈকে পানীৰ তলত থাকিলে কোনো অনিষ্ট নহয় । সেয়ে কৃষি বিভাগে বানবিধস্ত অঞ্চলটোত এই কঠীয়া বীজ সমূহ বিতৰণ কৰে বুলি জানিবলৈ দিয়ে।

অঞ্চলটোৰ দলহাট সোণাপুৰ গাঁও পঞ্চায়তৰ অধীনস্থ কঠালপুখুৰী, লোকামপুৰ, পুনিয়া পথাৰ, সোণাপুৰ আৰু ২নং সোণাপুৰ গাঁৱৰ তিনি শতাধিক কৃষকৰ ৩৭৫ বিঘা মাটিৰ বাবে ২০ কুইণ্টল শালি ধানৰ বীজৰ লগতে প্ৰয়োজনীয় জৈৱিক সাৰ বিতৰণ কৰে । আনহাতে নাওবৈচাৰ কৃষি চক্ৰৰ ৰঙানদী গাঁও পঞ্চায়তৰ অধীনস্থ কাৱৈভুৰুকা,তাঁতীয়েমৰা,দুবাৰ গাঁও আৰু বাঁহগুৰি গাঁৱৰ তিনি শতাধিক কৃষকৰ ৩৭৫ বিঘা ভূমিত শালি খেতিৰ বাবে ২০ কুইণ্টল শালি ধানৰ বীজ বিতৰণ কৰে ।

বৃহস্পতিবাৰৰ বিতৰণি অনুষ্ঠানত উপস্থিত থাকি নাওবৈচা কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া গৌতম ৰায় চৌধুৰীয়ে বীজ সমূহ বিতৰণ কৰা লগতে বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰা বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে আৰু প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ আঁচনি খনৰ বিষয়েও ব্যাখ্যা আগবঢ়ায়। অনুষ্ঠানটোত লখিমপুৰ কৃষি বিভাগৰ মহকুমা কৃষি বিষয়া জিতেন্দ্ৰ চহৰীয়া, নাওবৈচা জিলা পৰিষদৰ সদস্য গহীন বৰা উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

লগতে পঢ়কঃ ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ চমু অৱলোকন

ABOUT THE AUTHOR

...view details