নাওবৈচা, 4 জানুৱাৰী: লখিমপুৰ জিলাৰ নাওবৈচা ক্ৰিকেট একাডেমীৰ উদ্যোগত নাওবৈচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ১৬ দিনীয়াকৈ অনুষ্ঠিত হয় এখন প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা ৷
নাওবৈচাত সদৌ অসম টি-২০ ক্ৰিকেট প্ৰতিযোগিতা সম্পন্ন - ৰাইনো ক্ৰিকেট ক্লাৱ
নাওবৈচাত ভোগেশ্বৰ কাকতি-দুৰ্গেশ্বৰ বৰুৱা সোঁৱৰণি সদৌ অসম টি-২০ ক্ৰিকেট প্ৰতিযোগিতাৰ সোমবাৰে চূড়ান্ত খেলখন সম্পন্ন হয় ৷ চূড়ান্ত খেলখনত লখিমপুৰ ৰাইনো ক্ৰিকেট ক্লাৱে বিশ্বনাথ ব্লুছ ক্লাৱক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে ৷
নাওবৈচাত সদৌ অসম টি-২০ ক্ৰিকেট প্ৰতিযোগিতা সম্পন্ন
ভোগেশ্বৰ কাকতি আৰু দুৰ্গেশ্বৰ বৰুৱা সোঁৱৰণিত অনুষ্ঠিত হোৱা সদৌ অসম প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাখনৰ সোমবাৰে ফাইনেল খেলখন সম্পন্ন হয় ৷ চূড়ান্ত খেলখনত লখিমপুৰ ৰাইনো ক্ৰিকেট ক্লাৱে বিশ্বনাথ ব্লুছ ক্লাৱক দুই উইকেটত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে। খেলখনত বিশ্বনাথ ব্লুছ ক্লাৱে প্ৰথমে বেটিং কৰি ১০৬ ৰাণ কৰাৰ বিপৰীতে লখিমপুৰ ৰাইনো ক্ৰিকেট ক্লাৱে ১৯ অভাৱ এটা বলত ৮টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'বলৈ সক্ষম হয়।
লগতে পঢ়ক : দীঘলীয়া সূচী লৈ অসমত উপস্থিত বৈজয়ন্ত পাণ্ডা আৰু পৱন শৰ্মা