নাওবৈচা, 23 ডিচেম্বৰ :লখিমপুৰ প্ৰেছ ক্লাৱত বুধবাৰে আলফাৰ কলংকিত অধ্যায় নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয় ৷ 152 পৃষ্ঠা গ্ৰন্থখনৰ প্ৰতিটো পৃষ্ঠাতে নিৰীহ অসমীয়াৰ ওপৰত চলোৱা নৃশংসতাৰ বৰ্ণনা কৰা হয় ৷ আলফাই নৃশংস ভাৱে হত্যা কৰা শ্বহীদ কুমুদ হাজৰিকাৰ মৃত্যু তিথিৰ দিনাই নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় গ্ৰন্থখন ৷
উল্লেখ্য যে, সেই সময়ত নিৰিহৰ ওপৰত চলোৱা শাৰীৰিক-মানসিক অত্যাচাৰকে ধৰি ধনদাবীৰ প্ৰতিটো শিহৰণকাৰী বৰ্ণনাই আলফাৰ স্বৰূপ উদঙাইছে গ্ৰন্থখনত ৷ শ্বহীদ কুমুদ হাজৰিকাক হত্যা কৰা আলফা প্ৰফুল্ল বৰা ওৰফে ঢেকিয়াল ফুকনক কিন্তু বিজেপিৰ চৰকাৰৰ দ্বাৰা ৰঙা দলিছা পাৰি দিয়াৰ বৰ্ণনাও গ্ৰন্থখনত উল্লেখ কৰা হৈছে । একেদৰে, গ্ৰন্থখনত আলফাই কুমুদ হাজৰিকাক জিভা-কাণ কাটি পেটত নিমখ ভৰাই নৃশংস ভাৱে হত্যা কৰাৰ সবিশেষ বৰ্ণনাও কৰা হৈছে ।
লগতে পঢ়ক :জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন দাবী আক্ৰাছুৰ