অসম

assam

By

Published : Mar 23, 2021, 10:20 PM IST

ETV Bharat / state

নাওবৈচাত জয়ন্ত খাউণ্ডৰ হৈ নির্বাচনী প্ৰচাৰ ৰণজিৎ দাসৰ

নাওবৈচা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা বিশাল নির্বাচনী সভাত অংশ লৈ ৰাজ্যিক সভাপতি গৰাকীয়ে ৰাইজক উদ্দেশ্যি কয়, এসময়ৰ ভাৰতৰত্ন সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই প্ৰতিনিধিত্ব কৰা নাওবৈচা সমষ্টিটোত অগপ-বিজেপিৰ মিত্ৰজোঁটে এজন যোগ্য নেতাক প্ৰাৰ্থিত্ব দিছে । সেয়ে সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত নাওবৈচাবাসীয়ে জাতি-ধৰ্ম নিৰ্বিশেষে হাতীৰ ছবিত ভোট দি জয়ন্ত খাউণ্ডক জিকাই নিব লাগিব বুলি মন্তব্য কৰে ৰণজিৎ দাসে ।

নাওবৈচাত জয়ন্ত খাউণ্ডৰ হৈ নির্বাচনী প্ৰচাৰ ৰঞ্জিত দাসৰ
নাওবৈচাত জয়ন্ত খাউণ্ডৰ হৈ নির্বাচনী প্ৰচাৰ ৰঞ্জিত দাসৰ

নাওবৈচা,২৩ মাৰ্চ: লোকে লোকাৰণ্য পৰিৱেশত মঙলবাৰে এসময়ত সুধাকণ্ঠ ভূপেন হাজৰিকাই প্ৰতিনিধিত্ব কৰা নাওবৈচা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ হৈ নির্বাচনী সভাত অংশ লয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে । সমষ্টিটোৰ নাওবৈচা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা বিশাল নির্বাচনী সভাখনত অংশ লৈ ৰাজ্যিক সভাপতি গৰাকীয়ে ৰাইজক উদ্দেশ্যি কয়, ভাৰতৰত্ন সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই প্ৰতিনিধিত্ব কৰা নাওবৈচা সমষ্টিটোত অগপ-বিজেপিৰ মিত্ৰজোঁটে এজন যোগ্য নেতাক প্ৰাৰ্থিত্ব দিছে । সেয়ে সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত নাওবৈচাবাসীয়ে জাতি-ধৰ্ম-নিৰ্বিশেষে হাতীৰ ছবিত ভোট দি জয়ন্ত খাউণ্ডক জিকাই নিব লাগিব বুলি দাসে কয় । সভাপতি গৰাকীয়ে ভাষণ প্ৰসংগত বিজেপি চৰকাৰে ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালক অৰুণোদয় আঁচনি দিয়াৰ কথা ব্যক্ত কৰে । এয়া আমাৰ দৃঢ় প্ৰতিশ্ৰুতি । আমি ৮৫০ টকা নহয় ৩০০০ টকাকৈ প্ৰতিমাহে প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ একাউণ্টত ভৰাই দিম বুলি দাসে কয় ।

নাওবৈচাত জয়ন্ত খাউণ্ডৰ হৈ নির্বাচনী প্ৰচাৰ ৰণজিৎ দাসৰ

আনহাতে, বিজেপিৰ পৰা টিকট বিচাৰি বঞ্চিত হোৱা ৰাও গজেন্দ্ৰ সিঙৰ বিৰুদ্ধে ৰাজ্যিক সভাপতিগৰাকী আক্রমণাত্মক হৈ কয় যে, দলীয় নীতি নিৰ্দেশনাক জলাঞ্জলি দিয়া গজেন্দ্ৰ সিঙক ইতিমধ্যে আমাৰ দলৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু দলৰ ভিতৰত থাকি যিসকল বিজেপিৰ কাৰ্যকর্তাই গজেন্দ্ৰ সিঙক সহায় কৰি আছে তেওঁলোকৰ বিৰুদ্ধেও দলে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব ৷ ইতিমধ্যে কৰুণাবাৰী আৰু নাওবৈচা মণ্ডলৰ ১৩ গৰাকী কাৰ্যকৰ্তাক দলৰ পৰা বহিষ্কাৰ কৰাৰ বাবে ব্যৱস্থা লোৱা হৈছে ৷ আজিৰ ভিতৰত জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাক এইক্ষেত্ৰত ব্যৱস্থা ল’বলৈ ৰাজ্যিক সভাপতি গৰাকীয়ে নিৰ্দেশ প্ৰদান কৰিছে ৷

লগতে ৰাজ্যিক সভাপতি দাসে আজিৰে পৰা নাওবৈচা সমষ্টিৰ প্ৰতিগৰাকী বিজেপি কাৰ্যকর্তাক মিত্ৰতাৰ ধৰ্ম পালন কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডক সহায় কৰিবলৈ আহ্বান জনায় ৷ মঙলবাৰে হেলিকপ্তাৰেৰে নাওবৈচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপস্থিত হোৱা ৰাজ্যিক সভাপতি গৰাকীক বিশাল মটৰ চাইকেল ৰেলীৰে আগবঢ়াই নিয়াৰ সময়ত উৰুলি, মাংগলিক ধ্বনি, পুষ্পবৃষ্টিৰে দলীয় কৰ্মী তথা অনুৰাগীয়ে আদৰণি জনায় ।

লগতে পঢ়কঃকাৰাগাৰৰ পৰা লিখা অখিল গগৈৰ এখন পত্ৰই জোকাৰিছে ৰাজ্য

ABOUT THE AUTHOR

...view details