অসম

assam

ETV Bharat / state

নাওবৈচাত আফ্ৰিকান ছোৱাইন ফিভাৰত সহস্ৰাধিক গাহৰিৰ মৃত্যু - আফ্ৰিকান ছোৱাইন ফিভাৰ

নাওবৈচাৰ গ্রাম্য অৰ্থনীতি বুনিয়াদ টনকিয়াল কৰা ৰঙানদীপৰীয়া মিছিং গাহৰি পালকৰ হাহাকাৰ অৱস্থা ,আফ্ৰিকান ছোৱাইন ফিভাৰত পৰি সহস্ৰাধিক গাহৰিৰ মৃত্যু।

nowboicha affrican swanifiver effacted
বিধায়ক মৃনাল শইকীয়াৰ উদ্যোগত মহিলা সৱলীকৰণৰ বিশেষ প্ৰচেষ্টা

By

Published : May 23, 2020, 7:41 PM IST

নাওবৈচা,23মেঃ খিলঞ্জীয়া ভুমিপুত্ৰ হিচাপে গ্ৰাম্য অৰ্থনীতি বিকাশত বিশেষ ভূমিকা পালন কৰি আহিছে নৈ পৰীয়া মিচিং গাহৰি পালক সকলে ৷ কিন্তু এইবাৰ গাহৰি পালকৰ অৱস্থা পানীত হাঁহ নচৰা কাৰণ আফ্ৰিকান ছোৱাইন ফিভাৰৰ ফলত গাহৰিৰ মৃত্যু হৈ নিশেষ হৈ যাৱলৈ ধৰিছে গ্ৰাম্যাঞ্চল সমূহত ৷ নৈ পৰীয়া মিচিং লোক সকলে গাহৰি পালনৰ দ্বাৰা পৰিয়াল পোহপাল দি অহাৰ লগতে অৰ্থনীতি ক্ষেত্ৰততো বহু গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে ৷ কিন্তু আফ্ৰিকান ছোৱাইন ফিভাৰত সেই মিচিং গাঁও সমূহৰ পৰা নিশেষ কৰি পেলালে গাহৰি প্ৰজাতি ৷

বিধায়ক মৃনাল শইকীয়াৰ উদ্যোগত মহিলা সৱলীকৰণৰ বিশেষ প্ৰচেষ্টা

বিশেষকৈ নাওবৈচা সমষ্টিৰ ৰঙানদীপৰীয়া মিছিং গাঁও সমূহত। নৈপৰীয়া প্রায় শতাধিক পৰিয়ালে গাহৰি পালনৰ দ্বাৰাই পৰিয়াল পোহপাল দি আহিছিল ৷ সোৱণশিৰীৰ ,ৰঙানদী খহনীয়াত নিজ নিজ ঠিকনা হেৰুৱা এই পৰিয়াল সমূহে শেহতীয়াকৈ নাওবৈচাৰ পকণীয়া সোৱণশিৰি আৰু ৰঙা নদী পাৰত বসৱাস কৰি গাহৰি কুকুৰা পালন কৰিয়েই পৰিয়াল পোহপাল দি আহিছে ৷ দুৰ্ভাগ্যৰ বিষয় এইবাৰ আৰ্ফিকান ছোৱাইন ফিভাৰৰ সংক্ৰমনৰ ফলত গাঁওবোৰত গাহৰি সমূহ মৃত্যু হ’ল ৷ যাৰ বাবে সেই পৰিয়াল সমূহে দিক‌বিদিক হেৰুৱাই পেলাইছে ৷ সেয়েহে তাৎক্ষণিকভাৱে সেই পৰিয়াল সমূহে মুখ্যমন্ত্ৰী গৰাকীক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷

লগতে পঢ়কঃ বিধায়ক মৃনাল শইকীয়াৰ উদ্যোগত মহিলা সৱলীকৰণৰ বিশেষ প্ৰচেষ্টা

ABOUT THE AUTHOR

...view details