অসম

assam

By

Published : Feb 1, 2021, 4:41 PM IST

ETV Bharat / state

নাওবৈচাত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ আছুৰ

শুৱালকুছিত দেওবাৰে আছুৰ প্ৰতিবাদৰ সময়ত আৰক্ষী-চি আৰ পি এফৰ দলে প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচালনা কৰাৰ পিছতে ক্ষোভিত হৈ পৰিছে সংগঠনটোৰ কৰ্মকৰ্তাসকল । সোমবাৰে নাওবৈচাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাই । ৰাজপথতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি ক্ষোভ উজাৰে সংগঠনটোৰ নেতা-কৰ্মীসকলে ।

নাওবৈচাৰ ৰাজপথত জ্বলিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি
নাওবৈচাৰ ৰাজপথত জ্বলিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি

নাওবৈচা, 1 ফেব্ৰুৱাৰী: সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ৰাজ্যৰ ভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ছাত্ৰ সংগঠনটোৰ সদস্যসকলে । লখিমপুৰৰ নাওবৈচাৰ দ'লহাট তিনিআলিতো বিক্ষোভ প্ৰদৰ্শন কৰে নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাই । ৰাজপথতে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি শুৱালকুছিৰ ঘটনাৰ বাবে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰে প্ৰতিবাদকাৰীসকল ।

দেওবাৰে শুৱালকুছিত ছাত্ৰ সন্থাই 'কা' আৰু 'ই আই এ' বাতিলৰ দাবীত উলিওৱা জোঁৰ সমদলত বাধা প্ৰদান কৰি আৰক্ষী আৰু চি আৰ পি এফৰ এটা দলে নিৰীহ প্ৰতিবাদীকাৰীৰ ওপৰত লাঠিচালনা কৰিছিল । এই ঘটনাক কেন্দ্ৰ কৰি বস্ত্ৰনগৰী শুৱালকুছিৰ লগতে সমগ্ৰ অসমতে তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । এই ঘটনাক ধিক্কাৰ দি সোমবাৰে সমগ্ৰ ৰাজ্যতে আছুৱে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে । নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাই সোমবাৰে পুৱা দ'লহাট তিনিআলিত 15নং ৰাষ্ট্ৰীয় ঘাইপথতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে ।

নাওবৈচাৰ ৰাজপথত জ্বলিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি

গৃহ বিভাগ হাই হাই, পুলিচগিৰি নচলিব, মুখ্যমন্ত্ৰী সৰ্বানন্দ হুচিয়াৰ, 'কা' বাতিল কৰিবই লাগিব আদি শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে । প্রায় আধা ঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে প্ৰতিবাদকাৰীয়ে । আনহাতে, পথ অৱৰোধৰ ফলত ৰাজপথতে বহু যানবাহন আৱদ্ধ হৈ পৰে আৰু তীব্র যানজঁটৰ সৃষ্টি হয় । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি নাওবৈচা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি শংকৰজ্যোতি নাথে কয় যে, অসমীয়াই কোনো কাৰণতে 'কা' আৰু 'ই আই এ' মানি নলয় ।

লগতে পঢ়ক:নাৰায়ণপুৰত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উদযাপন

ABOUT THE AUTHOR

...view details