অসম

assam

পথ নিৰ্মাণৰ দাবীত অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ পথ অৱৰোধ

By

Published : Aug 29, 2019, 12:39 PM IST

গ্ৰামাঞ্চল সমূহৰ পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে লখিমপুৰৰ ৰাইজক । এইবাৰ পথ উন্নয়নৰ দাবীৰে ৰাজপথলৈ ওলাই আহিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী ।

পথ নিৰ্মাণৰ দাবীত অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ পথ অৱৰোধ

লখিমপুৰ, 29 আগষ্টঃ বৃহস্পতি বাৰে অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ কাকৈ ৰাজগড় আঞ্চলিক সমিতিয়ে ৰাইজৰ সহযোগত ৰূপায়ণ কৰে পথ অৱৰোধ কাৰ্যসূচী৷ লীলাবাৰীৰ পৰা কাকৈ সংযোগী গড়কাপ্তানি পথত ৰূপায়ণ কৰে এই অৱৰোধ কাৰ্যসূচী । দীৰ্ঘদিনে বিধ্বস্ত হৈ থকা গুৰুত্বপূৰ্ণ পথটোৰ পুনৰ নিৰ্মাণৰ দাবীত দুঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচীৰ লগতে চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তপ্ত কৰি তোলে ৰাজপথ । তৎকালীন ভাবে পথটো নিৰ্মাণ নকৰিলে পৰৱৰ্তী সময়ত আন্দোলন অধিক তীব্ৰ কৰি তোলাৰ হুংকাৰ সংগঠনটোৰ কৰ্মী সকলৰ ।

পথ নিৰ্মাণৰ দাবীত অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ পথ অৱৰোধ

ABOUT THE AUTHOR

...view details