অসম

assam

By

Published : Jun 15, 2021, 4:03 PM IST

ETV Bharat / state

1 লাখ নিৱনুৱাৰ লগতে অপ্ৰাদেশিকৃত শিক্ষকক নিযুক্তিৰ দাবী

ৰাজ্য চৰকাৰে নিযুক্তি দিবলগীয়া 1 লাখ নিৱনুৱাৰ লগতে ৰাজ্যৰ অপ্ৰাদেশিকৃত শিক্ষকসকলো নিযুক্তি প্ৰক্ৰিয়াত অন্তৰ্ভুক্তিৰ দাবী জনাইছে শিক্ষকসকলে ৷ কিয়নো প্ৰাদেশিকীকৰণৰ আওতাৰ পৰা বঞ্চিত হোৱা ৰাজ্যৰ সহস্ৰাধিক হাইস্কুল শিক্ষকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা । পৰিয়াল পোহপাল দিব নোৱাৰি ইতিমধ্যে ৰাজ্যৰ বহু কেইজন শিক্ষকে আত্মহত্যাও কৰিছে৷ তাৰ পাচতে শিক্ষককেই গৰাকীৰ পৰিয়ালক নিযুক্তি প্ৰদানৰ আশ্বাস দিছিলে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজ্য চৰকাৰে ৷

non provincial teachers demand to appointments them
1 লাখ নিৱনুৱাৰ লগতে অপ্ৰাদেশিকৃত শিক্ষকক নিযুক্তিৰ দাবী

বিহপুৰীয়া, 15 জুন : ৰাজ্য চৰকাৰে শীঘ্ৰে নিযুক্তি দিব ৰাজ্যৰ এক লাখ নিবনুৱাক ৷ চৰকাৰে এই কথা ঘোষণা কৰাৰ পাচতে 2013 বৰ্ষৰ বিদ্যালয় প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত হোৱা ৰাজ্যৰ শিক্ষকসকলে মুখ্যমন্ত্ৰীলৈ জনাইছে এক বিশেষ আহ্বান ৷

ৰাজ্য চৰকাৰে নিযুক্তি দিবলগীয়া 1 লাখ নিৱনুৱাৰ লগতে ৰাজ্যৰ অপ্ৰাদেশিকৃত শিক্ষকসকলো নিযুক্তি প্ৰক্ৰিয়াত অন্তৰ্ভুক্তিৰ দাবী জনাইছে শিক্ষকসকলে ৷ কিয়নো প্ৰাদেশিকীকৰণৰ আওতাৰ পৰা বঞ্চিত হোৱা ৰাজ্যৰ সহস্ৰাধিক হাইস্কুল শিক্ষকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা । পৰিয়াল পোহপাল দিব নোৱাৰি ইতিমধ্যে ৰাজ্যৰ বহু কেইজন শিক্ষকে আত্মহত্যাও কৰিছে ৷ তাৰ পাচতে শিক্ষককেইগৰাকীৰ পৰিয়ালক নিযুক্তি প্ৰদানৰ আশ্বাস দিছিলে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজ্য চৰকাৰে ৷

1 লাখ নিৱনুৱাৰ লগতে অপ্ৰাদেশিকৃত শিক্ষকক নিযুক্তিৰ দাবী

মাজে সময়ে অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকসকলৰ সৈতে হোৱা বৈঠকত ৰাজ্য চৰকাৰে শিক্ষকসকলৰ বাবে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল যদিও কোনো সুফল নাপালে শিক্ষকসকলে ৷ বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি অহা শিক্ষকসকলৰ একাংশই মঙলবাৰে নাৰায়ণপুৰত একগোট হৈ তেওঁলোকৰ প্ৰতি চকু মেলি চাবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) নেতৃত্বাধীন চৰকাৰখনৰ লগতে নৱনিযুক্ত শিক্ষামন্ত্ৰী ডা৹ ৰণোজ পেগু (Ranoj Pegu)ৰ প্ৰতি সংবাদ মাধ্যমৰ জৰিয়তে কাতৰ আহ্বান জনাইছে । চৰকাৰখনে কাৰ্যভাৰ গ্ৰহণ কৰিয়েই ১ লাখ নিবনুৱাক নিযুক্তি দিব বুলি কৰা ঘোষণাক আদৰণি জনোৱাৰ লগতে বঞ্চিত শিক্ষকসকলকো এই নিযুক্তি প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰিবৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়ক:গৰম বন্ধ শেষ হ'ল যদিও নোখোলে বিদ্যালয়

ABOUT THE AUTHOR

...view details