নাওবৈচা, 8 মাৰ্চঃঅসমৰ ৰাজনীতিৰ পিতামহ উত্তৰ পাৰৰ প্ৰেমধৰ বৰা । নিৰ্বাচন বুলিলেই উৎফুল্লিত হৈ পৰে প্ৰবীন ৰাজনৈতিক নেতাগৰাকী । অসম বিধান সভাত অভিলেখ সংখ্যক 11 বাৰ নিৰ্বাচন খেলা প্ৰেমধৰ বৰা সাজু হৈছে দ্বাদশবাৰৰ বাবেও । পূৰ্বৰ এঘাৰ বাৰ নিৰ্দলীয় হিচাপে ৰাইজৰ প্ৰাৰ্থী হোৱা প্ৰেমধৰ বৰাক এইবাৰো নালাগে কোনো দলৰ টিকট ।
প্ৰেমধৰ বৰাই কেৱল যে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে সেয়া নহয় । 1979 চনৰ তদানীন্তন যোগেন হাজৰিকাৰ মন্ত্ৰী সভাত শিক্ষামন্ত্ৰীৰ দায়িত্বত থকা প্ৰেমধৰ বৰাই সোমবাৰে দাখিল কৰে মনোনয়ন পত্ৰ । ৰাজ্যৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী প্ৰেমধৰ বৰাই 2001 চনত অসম বিধান সভাৰ প্ৰ'টেম অধ্যক্ষও আছিল । নিৰ্দলীয় হিচাপে জিকিও মন্ত্ৰীসভাত দ্বিতীয় স্থান লাভ কৰা প্ৰেমধৰ বৰা যথেষ্ট জনপ্ৰিয় বিহপুৰীয়া সমষ্টিত।