নাওবৈচা, 8মাৰ্চঃ সোমবাৰৰ পৰা আৰম্ভ হৈছে আগন্তুক বিধানসভা নিৰ্বাচনৰ আনুষ্ঠানিক কোচকাৱাজ । উখল মাখল পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যত ৷ তাৰ মাজতে লখিমপুৰ জিলাৰ তিনিটা বিধান সভা সমষ্টিৰ বাবে বিভিন্ন দলৰ ছয়জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।
লখিমপুৰত ছয় প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল
উখল মাখল পৰিৱেশৰ মাজেৰে লখিমপুৰত বিহপুৰীয়া-নাওবৈচা আৰু লখিমপুৰ সমষ্টিৰ ছয়জন প্ৰাৰ্থীৰ মনোনয়ন দাখিল ৷
লখিমপুৰত ছয় প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল
বিহপুৰীয়া সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ হৈ ভূপেন বৰা, নিৰ্দলীয় হিচাপে প্ৰেমধৰ বৰা, নাওবৈচা সমষ্টিৰ অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে জয়ন্ত খাউণ্ড, লখিমপুৰ সমষ্টিৰ বাবে বিজেপিৰ মানৱ ডেকা, অগপৰ হৈ উৎপল দত্ত আৰু নিৰ্দলীয় হিচাপে নির্মল পায়েঙে উপায়ুক্ত কাৰ্য্যালয়ত সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰে । ইফালে এছইউ চিআই (SUCI)ৰ বিৰিঞ্চি পেগুৱেও লক্ষীমপুৰ সমষ্টিৰ বাবে দাখিল কৰিছে মনোনয়ন |
লগতে পঢ়কঃপ্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত চাবুৱাত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী সভা