অসম

assam

ETV Bharat / state

দেশ প্ৰতিৰক্ষাত নিয়োজিত এখন গাঁও... - লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰদেউৰী গাঁও

সৈনিকৰ ঘৰৰ জপনামুখত দেশৰ ৰাষ্ট্ৰীয় পতাকা আৰু ভাৰতীয় সেনাৰ প্ৰতীকপট আকৰ্ষণীয় ৰূপত সজাই ৰখা হয়। গাঁওখনৰ কোনোবা ঘৰৰ পৰা যদি দুজনে সৈনিকত চাকৰি কৰি আছে আন কোনোবা ঘৰৰ পৰা আকৌ চাৰি সন্তানৰ চাৰিওজনেই নিয়োজিত হৈ আছে সৈন্য বাহিনীত।

NOJONA KOTHABUR
দেশ প্ৰতিৰক্ষাত নিয়োজিত এখন গাঁও...

By

Published : Aug 21, 2020, 12:00 AM IST

কেৱল এটা নহয় গাঁওখনৰ প্ৰতিটো পৰিয়ালে সন্তানক উছৰ্গা কৰি আহিছে দেশ ৰক্ষাৰ নামত । লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱৰ সকলো পিতৃ মাতৃয়ে সন্তানক উলিয়াই দিয়ে দেশৰ প্ৰতিৰক্ষা বিভাগত নিয়োজিত হ'বলৈ। দেশৰ প্ৰতিৰক্ষা বিভাগৰ সৈনিকসকলৰ ওপৰত আস্থা ৰাখিয়েই দেশৰ জনতাই মুকলিকৈ স্বাধীনভাৱে থাকিবলৈ সক্ষম হয় । জীৱন আৰু মৃত্যুৰ ঠিক কিঞ্চিত মান আঁতৰতেই আমাৰ সৈনিকসকল ৰৈ থাকে। তেনে এক অৱস্থাত সততে বহু পিতৃ মাতৃয়ে নিজৰ সন্তানক সেনা বাহিনীত পঠাব নিবিচাৰে । কিন্তু এনে এখন ব্যতিক্ৰম গাঁও আছে য'ত এখন ঘৰেই নহয়,সমগ্ৰ গাঁওখনেই নিজৰ এটি সন্তানক দেশৰ নামত উছৰ্গা কৰি আহিছে ।

এয়া কোনো অন্য ৰাজ্য অথবা দেশৰ কথা নহয় । এই গাঁওখন হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰদেউৰী গাঁও । গাঁৱখনক অসমৰ সৈনিকৰ গাঁও বুলিলেও বঢ়াই কোৱা নহ'ব ।বৰদেউৰী গাঁৱৰ প্ৰায় প্ৰতিটো পৰিয়ালৰে কোনোবা নহয় কোনোবা নিয়োজিত হৈ আছে দেশৰ নিৰাপত্তা বাহিনীত । সমগ্ৰ অসমৰ ভিতৰতে সু-বৃহৎ দেউৰী গাঁও হৈছে নাৰায়ণপুৰৰ বৰদেউৰী গাঁও । গাঁৱখনৰ প্ৰজন্মৰ পিছত প্ৰজন্মৰ কান্ধত যেন দেশ ৰক্ষাৰ গধুৰ দায়িত্ব । কোনোবা এজনে যদি অৱসৰ গ্ৰহণ কৰিছে তাৰ ঠাইত আকৌ তিনিজনে নতুনকৈ যোগদান কৰিছে দেশৰ নিৰাপত্তা বাহিনীত । দেশৰ হকে প্ৰাণ আহুতি দিছে এই গাঁৱৰ বহুতে । গাঁৱখনত দেখিবলৈ পোৱা যায় দেশপ্ৰেমৰ এক অপূৰ্ব নিদৰ্শন ।

সৈনিকৰ ঘৰৰ জপনামুখত দেশৰ ৰাষ্ট্ৰীয় পতাকা আৰু ভাৰতীয় সেনাৰ প্ৰতীকপট আকৰ্ষণীয় ৰূপত সজাই ৰখা হয় । গাঁৱখনৰ কোনোবা ঘৰৰ পৰা যদি দুজনে সৈনিকত চাকৰি কৰি আছে আন কোনোবা ঘৰৰ পৰা আকৌ চাৰি সন্তানৰ চাৰিওজনেই নিয়োজিত হৈ আছে সৈন্য বাহিনীত । সেইসকল সুযোগ্য সন্তানৰ পিতৃ-মাতৃৰ চকুৰে প্ৰায়েই চকুলো নিগৰে । কোনোবাজনে যদি নিজ সন্তানক চকুৰ পৰা আঁতৰত ৰখাৰ দুখত চকুলো টুকিছে আন কাৰোবাৰ আকৌ সৈনিকৰ পিতৃ বা মাতৃ হোৱাৰ গৌৰৱত দুচকু সেমেকি উঠিছে । গাঁৱখনৰ দিব্যজ্যোতি দেউৰী নামৰ সৈনিকজনে কাশ্মীৰত দেশৰ হকে যুঁজি ইতিমধ্যে প্ৰাণ আহুতি দিছে । সেইগৰাকী ছহিদৰ স্মৃতিত তেওঁৰ ঘৰৰ চোতালত নিৰ্মাণ কৰা স্মৃতিসৌধেই যেন বহন কৰিছে দেশপ্ৰেমৰ গৌৰৱ আৰু অহংকাৰ ।

দেশৰ বাবে অহৰহ যুঁজি থকা নিজৰ মনৰ মানুহজনক লৈয়ো গৰ্বিত সৈনিসকলৰ পত্নী । সততে ঘৰলৈ আহিব নোৱাৰা সেইসকল যোদ্ধালৈ মনত পৰিলেই কণমাণিটিৰ পৰা জ্যেষ্ঠ সকলো যেন এক প্ৰকাৰ আৱেগিক হৈ পৰে । সেয়ে ঘৰৰ দেৱালত আঁৰি ৰাখে সেইসকল বীৰ পুৰুষৰ ফটো । গাঁৱখনৰ নতুন প্ৰজন্মৰ মাজতো সেই একেই উৎসাহ,একেই হেঁপাহ । দেশ মাতৃৰ সেৱাত নিয়োজিত এই যুৱকসকলক লৈ সকলো আজি গৰ্বিত । অগ্ৰজৰ পথেৰেই এই গাঁৱৰ অনুজসকলেও দেশ আৰু দহৰ স্বাৰ্থত সেনা বাহিনীতে যোৱাৰ পণ লৈছে ।

ABOUT THE AUTHOR

...view details