লখিমপুৰ, 26 জুন : তিনি তালাক আৰু কাজীৰ বিৰুদ্ধে গৰজি উঠিল মহিলা অধিবক্তা ৷ বুধবাৰে নৰ্থ লক্ষীমপুৰ প্ৰেছ ক্লাবত সংবাদমেলযোগে কাজীৰ বিৰুদ্ধে জেহাদ মহিলা অধিবক্তা চাহিবা আহমেদৰ । কোৰানে কাজীক কোনো ক্ষমতাই দিয়া নাই, কাজীয়ে তালাকৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যবস্থা ল'ব নোৱাৰে বুলি উল্লেখ মহিলা অধিবক্তাগৰাকীৰ ৷ ইয়াৰ উপৰিও অধিবক্তাগৰাকীৰ নেতৃত্বতে আগন্তুক দিনত কাজীৰ বিৰুদ্ধে চলিব জোৰদাৰ অভিযান । প্ৰয়োজন সাপেক্ষে কাজীৰ কাৰ্যালয় ভাঙি দিয়াৰো হুংকাৰ মহিলা অধিবক্তাগৰাকীৰ ।
ইছলাম ধৰ্মত কাজীৰ কোনো দৰকাৰেই নাই ! - লখিমপুৰ
কাজীৰ বিৰুদ্ধে গৰজি উঠিল মহিলা অধিবক্তা ৷ কাজীৰ কাৰ্যালয় ভাঙি দিয়াৰো হুংকাৰ মহিলা অধিবক্তাগৰাকীৰ ।
কাজীৰ বিৰুদ্ধে গৰজি উঠিল মহিলা অধিবক্তা
লগতে গুৱাহাটীৰ কাজীৰ কাৰ্যালয়ত মহিলাৰ ওপৰত নিৰ্যাতন চলোৱাৰ ঘটনাও সংঘটিত হৈ আহিছে বুলিও গুৰুত্বৰ অভিযোগ উত্থাপন কৰে অধিবক্তাগৰাকীয়ে । ইপিনে তিনি তালাকৰ ওপৰত ব্যবস্থা গ্ৰহণ কৰাৰ বাবে শাসনাধিস্থ বিজেপি চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শলাগ লোৱাৰ লগতে কাজীৰ ওপৰত কঠোৰ ব্যবস্থা ল'বলৈও দাবী জনায় চাহিবা আহমেদে ।