অসম

assam

ETV Bharat / state

নতুন নিয়মঃ মাস্ক নিপিন্ধিলে, নাপাব পেট্ৰল - স্বত্বাধিকাৰী অচ্যুত শইকীয়া

মাস্ক পৰিধান নকৰিলে পেট্ৰ'ল-ডিজেল লাভ নকৰিব নাৰায়ণপুৰৰ এটা পেট্ৰ'ল পাম্পত ৷ আনকি সকলোকে নীতি-নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনাইছে পেট্ৰ'ল পাম্পটোৰ স্বত্বধিকাৰীয়ে ৷

NO MASK NO FUEL
মাস্ক পৰিধান কৰিলেহে পেট্ৰল-ডিজেল পাব গাড়ী চালকে

By

Published : May 4, 2020, 10:54 AM IST

নাৰায়ণপুৰ, 4 মে' : মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে মাস্ক পৰিধান নকৰিলে পেট্ৰ'ল- ডিজেল নিদিয়াৰ ব্যৱস্থা কৰিছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এটা পেট্ৰ'ল পাম্পত ৷

মাস্ক পৰিধান কৰিলেহে প্ৰতিজন গ্ৰাহকে ডিপোৰ পৰা লাভ কৰিব পেট্ৰ'ল-ডিজেল ৷ আনকি ডিপোটোৰ বিভিন্ন স্থানত লিখি থোৱা হৈছে কৰ'ণা সজাগতামূলক চৰকাৰী সকলোবোৰ নীতি-নিৰ্দেশনা ৷

দেশৰ সাম্প্ৰতিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ডিপোটোৰ স্বত্বাধিকাৰী অচ্যুত শইকীয়াই গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ আনকি প্ৰতিগৰাকী গ্ৰাহকক মাস্ক পৰিধান কৰিবৰ বাবে অনুৰোধ জনোৱাৰ লগতে সকলো নীতি-নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনাইছে স্বত্বধিকাৰীয়ে ৷

লগতে পঢ়ক : গুৱাহাটী মহানগৰীৰ ব্যৱসায়ীলৈ উপায়ুক্তৰ বিশেষ নিৰ্দেশনা

ABOUT THE AUTHOR

...view details