অসম

assam

ETV Bharat / state

শ্ৰীৰামপুৰত অপহৃত ট্ৰাক লখিমপুৰত উদ্ধাৰ

৩০ টন লোহা লৈ ১৮ জুনত অসমলৈ ৰাওনা হৈছিল ট্ৰাকখন,তাৰপিচতে ট্ৰাকখন সন্ধানহীন হৈছিল লোহাসহ ৷

শ্ৰীৰামপুৰত অপহৃত ট্ৰাক লখিমপুৰত উদ্ধাৰ

By

Published : Jun 24, 2019, 2:09 PM IST

লখিমপুৰ,24 জুনঃ ক'লকাতাৰ পৰা গহপুৰলৈ আহি থকা এখন লোহাভৰ্তি ট্ৰাক উদ্ধাৰ হয় লখিমপুৰৰ লালুকত । চালকক হাত-ধৰি বান্ধি দুৰ্বৃত্তই অপহৰণ কৰিছিল ট্ৰাকখন ৷ কলকাতাৰ গৌৰখপুৰৰ ৰেশমী ফেক্টৰীৰ পৰা ফ'ৰলেন যুক্ত পথৰ নিৰ্মাণৰ বাবে ৩০ টন লোহা লৈ ১৮ জুনত ৰাওনা হৈছিল ট্ৰাকখন৷ ইয়াৰ পিচতে অসমলৈ আহি থকা ট্ৰাকখনৰ চালকক শ্ৰীৰামপুৰ সীমান্তত দুৰ্বৃত্তই হাত-ভৰি বান্ধি পেলাই পথৰ কাষত পেলাই থৈ লোহা ভৰ্তি ট্ৰাকখন লৈ উধাও হয় ৷

শ্ৰীৰামপুৰত অপহৃত ট্ৰাক লখিমপুৰত উদ্ধাৰ

পিচত চালকজনে ট্ৰাক মালিকলৈ ফোন কৰি গাড়ী অপহৰণ হোৱাৰ কথা জনায়৷ অৱশেষত দেওবাৰে নিশা পৰিত্যক্ত অৱস্থাত ট্ৰাকখন উদ্ধাৰ হয় লখিমপুৰৰ লালুকৰ ইছলামপুৰৰ লালুক-বিহপুৰীয়া সংযোগী পথত৷ দুৰ্বৃত্তই ট্ৰাকখনৰ লোহা বিক্ৰী কৰি খালি ট্ৰাকখন লালুকৰ ৰাজপথৰ কাষত এৰি থৈ উধাও হয়৷ পিচত গহপুৰ আৰক্ষীয়ে লালুক আৰক্ষীৰ সহযোগত ট্ৰাকখন উদ্ধাৰ কৰি চালকজনক সোধাপোচা অব্যাহত ৰাখিছে৷ ৰাজপথৰ পৰা ট্ৰাক অপহৰণ কৰা দুৰ্বৃত্তৰ সন্ধানত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

ABOUT THE AUTHOR

...view details