লখিমপুৰ, 12 নৱেম্বৰ: মঙলবাৰে পুৱাৰ ভাগত এক উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল লখিমপুৰ নগৰৰ মাজ-মজিয়াৰ শান্তিপুৰত ৷ মাত্ৰ কিছুদিন আগতে উচ্ছেদ অভিযান চলোৱা শান্তিপুৰৰ চৰকাৰী ডাম্পিং গ্ৰাউণ্ডত পুনৰ উচ্ছেদ অভিযান চলালে লখিমপুৰ জিলা প্ৰশাসনে ৷ একাংশ লোকে দখল কৰি থকা চৰকাৰী 14 বিঘা ভূমি বুলড'জাৰৰ দ্বাৰা উচ্ছেদ চলাই মুকলি কৰিলে প্ৰশাসনৰ লোকে ৷
লখিমপুৰত চৰকাৰী ডাম্পিং গ্ৰাউণ্ডত প্ৰশাসনৰ উচ্ছেদ অভিযান - NLP district administration eviction in govt. dumping zone due to encroachment
ডাম্পিং গ্ৰাউণ্ডত অবৈধ ভাৱে গঢ়লৈ উঠিছিল কেইবাটাও বাসগৃহ ৷ প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত বুলড'জাৰে ভাঙিলে অবৈধ বাসগৃহ ৷ ইয়াৰ পিচতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় লখিমপুৰত ৷
![লখিমপুৰত চৰকাৰী ডাম্পিং গ্ৰাউণ্ডত প্ৰশাসনৰ উচ্ছেদ অভিযান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5038750-thumbnail-3x2-gsgs.jpg)
লখিমপুৰত চৰকাৰী ডাম্পিং গ্ৰাউণ্ডত প্ৰশাসনৰ উচ্ছেদ অভিযান
লখিমপুৰত চৰকাৰী ডাম্পিং গ্ৰাউণ্ডত প্ৰশাসনৰ উচ্ছেদ অভিযান
উল্লেখযোগ্য যে,শান্তিপুৰত থকা চৰকাৰী ডাম্পিং গ্ৰাউণ্ডত দুইমাহ পূৰ্বৰ পৰা অবৈধ ভাৱে গঢ়লৈ উঠিছিল কেইবাটাও বাসগৃহ ৷ একাংশ সন্দেহযুক্ত দখলকাৰীয়ে নিৰ্মাণ কৰিছিল এই বাসগৃহ সমূহ ৷ ইফালে, চৰকাৰী ডাম্পিং গ্ৰাউণ্ডত পুনৰ গঢ়লৈ উঠা বাসগৃহ সমূহত মঙলবাৰে প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত উচ্ছেদ অভিযান চলোৱা হয়,য'ত ভাঙি পেলোৱা হয় এই অবৈধ বাসগৃহ সমূহ ৷ প্ৰশাসনৰ স্পষ্ট মত কোনো কাৰণতে পুনৰ দখল কৰিবলৈ দিয়া চৰকাৰী ভূমি ৷
আৰু পঢ়ক: দলং নিৰ্মাণত ঠিকাদাৰৰ হেমাহি, জ্বলা-কলা খাইছে ৰাইজে