অসম

assam

ETV Bharat / state

NLC professor Hemanta Sarma :মুকলি আকাশৰ তললৈ আহিল প্ৰৱক্তা হেমন্ত শৰ্মা

শুকুৰবাৰে বিয়লি লখিমপুৰ জিলা কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিল উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰৱক্তা ড৹হেমন্ত শৰ্মা । ছাত্র ছাত্রীক আতিশয্য চলোৱা গোচৰত অভিযুক্ত হৈ লখিমপুৰ জিলা কাৰাগাৰত আৱদ্ধ হৈ থকা প্ৰৱক্তাগৰাকীয়ে অৱশেষত উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰে ।

NLC professor Hemanta Sarma
কাৰাগাৰৰ পৰা মুকলি প্ৰৱক্তা

By

Published : Aug 4, 2023, 8:02 PM IST

কাৰাগাৰৰ পৰা মুকলি প্ৰৱক্তা

লখিমপুৰ, ৪ আগষ্ট:অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰৱক্তা ড৹ হেমন্ত শৰ্মা । শুক্ৰবাৰে জামিনত মুক্তি পালে প্ৰৱক্তাগৰাকীয়ে । ১৩ দিনৰ মুৰত লখিমপুৰ জিলা কাৰাগাৰৰ পৰা মুকলিলৈ ওলাল উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰৱক্তা ড৹ হেমন্ত শৰ্মা । যোৱা ২৪ জুলাইৰ পৰা লখিমপুৰ জিলা কাৰাগাৰত থকা প্ৰৱক্তা গৰাকীয়ে অৱশেষত উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে । শুক্ৰবাৰে বিয়লি জিলা কাৰাগাৰৰ পৰা ওলাই অহাৰ পিচতেই তেওঁৰ গুণমুগ্ধসকলে আদৰণি জনায় ।তেওঁ কাৰাগাৰৰ বাহিৰ হোৱাৰ সময়তে একাংশ ছাত্র-ছাত্রী, শুভকাংক্ষীয়েয়ে আদৰণি জনায় ।

প্ৰৱক্তাগৰাকীয়ে সংবাদ মাধ্যমক কয় যে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰা সকলক ক্ষমা কৰি দিছে । ড৹ হেমন্ত শৰ্মা এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," পৃথিবীত আচলতে সকলোৱেই একোখন জেলত আৱদ্ধ । কোনোবা ক্ষমতাৰ বাবে কোনোবা ধন-দৌলতৰ বাবে, আন কোনোবা ষড়যন্ত্রৰ বাবে সকলোৱেই একোখন জেলত আৱদ্ধ ।" কাৰাগাৰত থকা কেইদিন কিতাপ পঢ়ি সময় পাৰ কৰাৰ লগতে তেওঁৰ দৰে বিনা দোষত কাৰাগাৰৰ কুঠৰীত বন্দী হৈ থকা একাংশৰ লগত বাৰ্তা বিনিময় হোৱা বুলিও কয় ।

উল্লেখ্য যে উত্তৰ লখিমপুৰ মহাবিদ্যালযৰ অসমীয়া বিভাগৰ সহকাৰী প্ৰৱক্তা ড৹হেমন্ত শৰ্মাই শ্ৰেণীত মদ্যপান কৰি শিক্ষার্থীক শাৰীৰিক মানসিক আতিশয্য চলোৱাৰ অভিযোগ তুলি ৫৮ গৰাকী শিক্ষার্থীয়ে অধ্যক্ষক অভিযোগ দাখিল কৰাৰ পাছত অধ্যক্ষই জিলা আয়ুক্ত আৰু জিলাৰ আৰক্ষী অধীক্ষকক ঘটনা সন্দৰ্ভত লিখিত ভাৱে জনাইছিল । এই সম্পর্কে লখিমপুৰ সদৰ থানাত প্ৰৱক্তাগৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে প্ৰথমে তেওঁক যোৱা ২২ জুলাইত গ্ৰেপ্তাৰ কৰে ।

সদৰ থানাত ৰুজু হোৱা ২৭৫/২৩ নম্বৰৰ আৰু ৩৫৪/৩৫৪(এ) /৫০৬/৫০৯ ধাৰাৰ গোচৰটোত অভিযুক্ত প্ৰৱক্তা ড৹হেমন্ত শৰ্মাক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে লখিমপুৰ আদালতত হাজিৰ কৰাৰ সময়ত অধিবক্তাই জামিন আবেদন দাখিল কৰিছিল যদিও আদালতে নাকচ কৰে । ফলত অৱধাৰিতভাৱে প্ৰৱক্তাগৰাকী কাৰাগাৰ যাত্ৰাৰ পথ প্ৰশস্ত হৈ পৰে । যোৱা ২৪ জুলাইৰ পৰা লখিমপুৰ জিলা কাৰাগাৰত আৱদ্ধ হৈ থকা প্ৰবক্তাগৰাকীয়ে অৱশেষত উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰে আৰু শুক্ৰবাৰে বিয়লি তেওঁ মুকলি আকাশৰ তললৈ ওলাই আহে ।

লগতে পঢ়ক:Missing Man Returns Home after 50 years: অজ্ঞাতবাসৰ অন্তত ঘৰলৈ ঘূৰিল ইন্দ্ৰ বাহাদুৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details