লখিমপুৰ, ১১ ছেপ্টেম্বৰ:লখিমপুৰত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নে সোমবাৰে বিক্ষোভ প্ৰদৰ্শন কৰে । সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নে সোমবাৰে সমগ্ৰ ৰাজ্যতে জিলাই জিলাই বিক্ষোভ কাৰ্যসূচী পালন কৰে । তেওঁলোকৰ ছয় দফীয়া দাবীৰ সমৰ্থনত জিলা সদৰ সমূহত প্ৰতিবাদী সমদল উলিয়াই জিলা শ্ৰম বিষয়াৰ কাৰ্যালয়ত বিক্ষোভ প্ৰদৰ্শন কৰে । বিক্ষোভৰ অন্তত জিলা শ্ৰম বিষয়াৰ জৰিয়তে তেওঁলোকে শ্ৰম আয়ুক্ত লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
বিক্ষোভকাৰীসকলে নিৰ্মাণ শ্ৰমিক কল্যাণ আইন ৰক্ষা কৰক, নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ ধন কেৱল শ্ৰমিকৰ কল্যাণৰ হকে ব্যবহাৰ কৰক, নিৰ্মাণ শ্ৰমিকৰ হিতলাভবোৰত ধনৰ পৰিমাণ বৃদ্ধি কৰক, হিতলাভবোৰ তৎকালীনভাৱে আদায় দিয়ক, পেন্সনধাৰী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰক, অসমত শ্ৰম কোডৰ প্ৰয়োগ বন্ধ কৰক আদি শ্লোগান দি জিলা শ্ৰম বিষয়াৰ কাৰ্যালয়ত উত্তাল পৰিবেশৰ সৃষ্টি কৰে । বিক্ষোভ প্ৰদৰ্শন কৰি তেওঁলোকে কয় যে পঞ্জীয়নভুক্ত শ্ৰমিকৰ বাবে গ্ৰহণ কৰা আঁচনি অনুসৰি শ্ৰমিকক দিব লগীয়া হিতলাভবোৰ লখিমপুৰ জিলাৰ তিনিটা শ্ৰম কাৰ্যালয়ৰ এটায়ো যোৱা দুবছৰে মোকোলাই দিয়া নাই । এই ক্ষেত্ৰত বহু আবেদন জনোৱাৰ পাছত পেন্সনাৰসকলৰ হিতলাভবোৰৰ বাদে বাকীখিনি আজিও মোকোলাই দিয়া নাই ।