গুৱাহাটী, ৬ মে': বিভিন্ন দল-সংগঠন তথা ৰাজ্যবাসীৰ প্ৰৱল প্ৰতিবাদৰ পাছতো নিৰ্মাণকাৰ্য চলাই শক্তি উৎপাদনৰ বাবে সাজু কৰি তোলা হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প । ১৫ আগষ্টত অর্থাৎ স্বাধীনতা দিৱসৰ দিনাই নামনি সােৱণশিৰি জলবিদ্যুৎ প্রকল্পটোৰ উৎপাদন কার্য আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কেন্দ্রীয় চৰকাৰে ।
ইতিমধ্যে কেন্দ্রীয় শক্তি মন্ত্রালয়ে স্বাধীনতা দিৱসৰ দিনাই প্রকল্পটোৰ প্রথম পর্যায়ৰ উৎপাদন কার্য যিকোনাে উপায়েৰে হ'লেও যাতে আৰম্ভ কৰিব পৰা যায় তাৰ বাবে সাজু হ'বলৈ নির্দেশ দিছে প্রকল্প ৰূপায়ণকাৰী প্রতিষ্ঠান এন এইচ পি চিক ।
উল্লেখ্য যে, সম্প্রতি দ্রুতগতিত আগবাঢ়িছে নামনি সােৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ (Lower Subansiri hydroelectric power project) নির্মাণকার্য । ইতিমধ্যে প্ৰকল্পটোৰ মূল বান্ধ নিৰ্মাণৰ কাম সমাপ্ত হৈছে । স্থাপন কৰা হৈছে টার্বাইন । যদিহে বাৰিষাৰ বতৰে বিশেষভাৱে বিধি-পথালি নিদিয়ে তেনেহলে পূর্ব নির্ধাৰিত সময় অনুসৰিয়েই আগষ্ট মাহতে প্রথম পর্যায়ৰ উৎপাদন আৰম্ভ কৰিব পৰা যাব ।
ইয়াৰ বাবে সম্প্রতি ২৪ ঘণ্টাই প্ৰকল্পটোৰ নির্মাণকার্য চলাই থকা হৈছে । আনহাতে প্রথম পর্যায়ত ২৫০ মেগাৱাট ক্ষমতাসম্পন্ন দুটা গােটৰ জৰিয়তে মুঠ ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হ'ব । ইয়াৰ পাছত ২০২৩ চনৰ আগষ্ট মাহৰ ভিতৰত সমগ্র প্রকল্পটোৰ ৰূপায়ণৰ কার্য সমাপ্ত কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে । ইফালে আৰম্ভণিতে সােৱণশিৰি জলবিদ্যুৎ প্রকল্পটোৰ নির্মাণ ব্যয় ধার্য কৰা হৈছিল ৬,২৮৫ কোটি টকা ।