অসম

assam

By

Published : Jun 21, 2021, 1:32 PM IST

Updated : Jun 21, 2021, 1:48 PM IST

ETV Bharat / state

গেৰুৱা সাজ পিন্ধিলে সদ্য পদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

লখিমপুৰৰ গেৰুকামুখৰ এনএইচপিচি(NHPC) ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপি দলত যোগদান কৰিলে মৰিয়নীৰ বিধায়ক গৰাকীয়ে ৷ এবাৰ দুবাৰ নহয়, চাৰিবাৰকৈ কংগ্ৰেছ দলৰ পৰা জয়ী হৈ বিধায়কৰ পদ অলংকৃত কৰা ৰূপজ্যোতি কুৰ্মীক যোৰহাট জিলা সমিতিয়ে দলীয় অংগবস্ত্ৰ পিন্ধাই দললৈ আদৰণি জনায় ৷

Newly resigned MLA Rupjyoti Kurmi join in BJP
গেৰুৱা সাজ পিন্ধিলে সদ্য পদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

লখিমপুৰ,21 জুন : অৱশেষত সোমবাৰে গেৰুৱা বসন পিন্ধিলে সদ্য পদত্যাগী কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী(Rupjyoti Kurmi)য়ে ৷ লখিমপুৰৰ গেৰুকামুখৰ এনএইচপিচি(NHPC) ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপি দলত যোগদান কৰিলে মৰিয়নীৰ বিধায়ক গৰাকীয়ে ৷ এবাৰ দুবাৰ নহয়, চাৰিবাৰকৈ কংগ্ৰেছ দলৰ পৰা জয়ী হৈ বিধায়কৰ পদ অলংকৃত কৰা ৰূপজ্যোতি কুৰ্মীক যোৰহাট জিলা সমিতিয়ে দলীয় অংগবস্ত্ৰ পিন্ধাই দললৈ আদৰণি জনায় ৷ প্ৰায়ে বিজেপিৰ বিৰুদ্ধে সমালোচনা কৰি থকা-সৰকা বিধায়কগৰাকীয়ে বিজেপিত যোগদান কৰাৰ পাচতে মুখ্যমন্ত্ৰী শৰ্মাই কয়, এতিয়াৰে পৰা মৰিয়নীৰ উন্নয়নৰ হকে প্ৰতিজন মন্ত্ৰী, প্ৰতিজন দলীয় কৰ্মীয়ে কাম কৰি যাব, ৰূপজ্যোতিৰ যোগদানে দলটোক আগতকৈ আৰু অধিক গতিশীল কৰিব ৷

গেৰুৱা সাজ পিন্ধিলে সদ্য পদত্যাগী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

ইফালে, বিজেপিত যোগদান কৰিয়েই ৰূপজ্যোতি কুৰ্মীয়ে কয়, "মই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মগতি, বিচক্ষণতা আৰু বলিষ্ঠ নেতৃত্বৰ প্ৰতি আকৃষ্ট হৈয়েই বিজেপিত যোগদান কৰিছো ৷ বিৰোধী দলত থকা বাবেহে অত' দিনে বিজেপিক সমালোচনা কৰিছিলো" ৷

উল্লেখ্য যে, বিগত সপ্তাহৰ শুকুৰবাৰে অসমৰ বিৰোধী দল কংগ্ৰেছৰ মাজত জোকাৰণিৰ সৃষ্টি কৰি মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi)য়ে বিধানসভা আৰু দলৰ পৰা পদত্যাগ কৰিছিল ৷ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ (AICC)সভাপতি ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ লগতে চাহ সম্প্ৰদায়ৰ নেতাগৰাকীয়ে অধ্যক্ষ বিশ্বজিৎ দৈমাৰী হাততো তেওঁৰ বিধানসভা কাৰ্যালয়ত বিধায়কৰ পদত্যাগ পত্ৰ দাখিল কৰি কংগ্ৰেছৰ পৰা বিদায় লৈছিল ৷

আনহাতে, কংগ্ৰেছ দল ত্যাগ কৰাৰ পাচতে ভিন্নজনে বিভিন্নভাৱে কুৰ্মীক সমালোচনাও কৰিছিল ৷ বহুজনে সদ্য পদত্যাগী বিধায়কগৰাকীক বহুবল্কী বুলিও কটাক্ষ কৰিছে ৷ কিন্তু বিগত দুটা কাৰ্যকালত প্ৰৱল প্ৰত্যাহ্বানৰ সৃষ্টি কৰি বিজেপিৰ মুৰৰ কামোৰণি হৈ থকা ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিৰ প্ৰতি আনুগত্য প্ৰকাশ কৰাৰ লগে লগে এফালে বিজপি শক্তিশালী হোৱাৰ বিপৰীতে আনফালে কংগ্রেছৰ বাবে এইয়া এক গধুৰ আঘাত ৰূপে পৰিগণিত হৈছে । কংগ্ৰেছে এনে ক্ষতি কেনেদৰে জোৰা মাৰে সেয়াহে লক্ষনীয় হ'ব বুলিও একাংশই মন্তব্য কৰে।

লগতে পঢ়ক:ডিব্ৰুগড়ত ক'ভিড আৰু বান ব্যৱস্থাপনাৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে

Last Updated : Jun 21, 2021, 1:48 PM IST

ABOUT THE AUTHOR

...view details