অসম

assam

ETV Bharat / state

New hospital in Lakhimpur:লখিমপুৰত পিতৃৰ সপোন পূৰণ কৰিবলৈ স্থাপন কৰিলে হাস্পতাল

চিকিৎসক, অভিযন্তা হোৱাৰ পাছত একাংশই পিতৃ মাতৃক ত্যাগ কৰি সাধাৰণতে ৰাজ্য অথবা দেশৰ বাহিৰলৈ যায়গৈ । পিছে লখিমপুৰত তাৰ ব্যতিক্রম হৈছে দুগৰাকী চিকিৎসক । তেওঁলোকৰ পিতৃৰ সপোন আছিল এখন পুৰ্ণাংগ সুন্দৰ চিকিৎসালয়ৰে মানৱ সেৱা কৰাৰ । পিতৃৰ এই সপোন পূৰণ কৰিবলৈ আগবাঢ়ি আহিল তেওঁৰ দুই চিকিৎসক পুত্ৰ ।

Dr Das Multispecialty Hospital
ডাঃ দাস মাল্টিস্পেচিয়েলিটি হাস্পতাল

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 2:55 PM IST

ডাঃ দাস মাল্টিস্পেচিয়েলিটি হাস্পতাল

লখিমপুৰ, ৮ ছেপ্টেম্বৰ:লখিমপুৰত প্ৰয়াত পিতৃৰ স্মৃতিত চিকিৎসালয় স্থাপন কৰিলে দুই চিকিৎসক পুত্রই । লখিমপুৰৰ এগৰাকী সমাজ কৰ্মী তথা জনদৰদী চিকিৎসক, চিকিৎসা বিষয়া আছিল প্ৰয়াত ডাঃ নোমল চন্দ্র দাস । এই গৰাকী দৰদী চিকিৎসকৰ জনসেৱা, কঠোৰ জীৱন সংগ্ৰামেৰে প্ৰতিষ্ঠা লাভ কৰাৰ কাহিনী সকলোৰে স্মৃতিপটত সজীৱ হৈ আছে । জনসেৱাৰ লক্ষ্যৰে তেওঁ এখন পুৰ্ণাংগ সুন্দৰ তথা সুলভ ব্যবস্থাৰে চিকিৎসালয় স্থাপন কৰাৰ সপোন বুকুত বান্ধি ৰাখোতেই ২০১১ চনত এক দুৰ্ঘটনাত মৃত্যু হয় । সম্প্ৰতি তেওঁৰ এই আধৰুৱা সপোন পূৰণ কৰিবলৈ আগবাঢ়ি আহিছে দুই চিকিৎসক পুত্ৰ ।

লখিমপুৰ মেডিকেল কলেজৰ সমীপতে তেওঁলোকে বহু কষ্টৰে প্ৰয়াত পিতৃৰ স্মৃতিত নিৰ্মাণ কৰি উলিয়াইছে এখন অত্যাধুনিক সা সুবিধা উপলব্ধ হোৱা চিকিৎসালয় । ডাঃ দাস মাল্টিস্পেচিয়েলিটি হাস্পতাল নামৰ চিকিৎসালয়খনৰ সন্মুখত স্থাপন কৰিছে তেওঁলোকৰ প্ৰয়াত পিতৃৰ এক সুবিশাল প্ৰতিমূৰ্তি । পিতৃৰ আধৰুৱা সপোনবোৰ পূৰণ কৰিবলৈ তেওঁলোকে চিকিৎসালয়খনত সকলোধৰণৰ সা সুবিধাৰ সংযোজন কৰিছে । তেওঁলোকৰ পিতৃৰ সপোন এখন পুৰ্ণাংগ সুন্দৰ চিকিৎসালয়ৰে মানৱ সেৱা কৰা আছিল বাবে এইখন স্থাপন কৰি সন্তুষ্টি লাভ কৰা বুলি কয় ।

কেৱল লখিমপুৰৰ বাবেই নহয়, ৰাজ্যৰ ভিতৰতে এখন আগশাৰীৰ চিকিৎসালয় হিচাপে এই চিকিৎসালয়খন প্ৰতিষ্ঠা কৰাৰ লক্ষ্য বুলি কয় প্ৰয়াত দাসৰ দুই পুত্ৰই । সাহিত্যিক পংকজ সভাপণ্ডিতে আঁতধৰা অনুষ্ঠানটোত প্ৰয়াত দাসৰ পত্নী, শিক্ষয়িত্ৰী কল্পনা দত্ত দাস, জ্যেষ্ঠ পুত্র ডাঃ সুশান্ত ৰাজ কাকতি,পত্নী শকুন্তলা বৰা ৰাজ কাকতি,কনিষ্ঠ পুত্ৰ ডাঃ নিশান্ত ৰাজ কাকতি, তেওঁৰ পত্নী ডাঃ সৰিতা ৰায় ৰাজ কাকতি আদিয়ে অংশগ্রহণ কৰে । ডাঃ নিশান্ত ৰাজ কাকতিয়ে চিকিৎসালয়খনৰ জৰিয়তে মানৱ সেৱা কৰাৰ পিতৃৰ সপোন তেওঁলোকে পূৰণ কৰিবলৈ চেষ্টা কৰা বুলি উল্লেখ কৰে । এই চিকিৎসালয়খনে দুখীয়া ৰাইজেও চিকিৎসাৰ ক্ষেত্ৰত সকাহ পাব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক:Sanjoy Kishan in Tinsukia: চাহ শ্ৰমিকৰ ওপৰত শোষণ দেখি খং উঠিল শ্ৰমমন্ত্ৰী সঞ্জয় কিষানৰ

ABOUT THE AUTHOR

...view details