লখিমপুৰ, ১৮ অক্টোৱৰ:অহা ৩০ অক্টোবৰৰ পৰা লখিমপুৰৰ সৈতে আকাশী পথেৰে সংযোগ হ'ব গুৱাহাটী, (Guwahati will connected by air to Lakhimpur) তেজপুৰ, শ্বিলং, কলকাতা বিমান বন্দৰ । এক সূত্ৰ অনুসৰি এলায়েন্স এয়াৰৰ কেইবাখনো নতুন বিমান চলিব (new aircraft of Alliance Air fly from Lakhimpur) লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰৰ পৰা ।
উল্লেখ্য বৰ্তমান নিতৌ পূৱা কলকাতাৰ পৰা ৫:৫০ বজাত অহা যাত্ৰীবাহী ৯১৭৫১ নম্বৰৰ বিমান খনে লখিমপুৰৰ লীলাবাৰী বিমান (Lilabari Airport in Lakhimpur) বন্দৰত অৱতৰণ কৰি পুনৰ ৮:২৫ বজাত উৰা মাৰি ১০:৩৫ বজাত কলকাতাত উপস্থিত হয় । লখিমপুৰৰ পৰা নিতৌ মাথো এখন বিমান কলকাতা-লখিমপুৰৰ মাজত চলাচল কৰি আছে । এই একমাত্র বিমানখনৰ বাহিৰে ইমান দিনে লখিমপুৰৰ পৰা দেশৰ অথবা ৰাজ্যৰ আন ঠাইৰ সৈতে আকাশী পথে সংযোগ হোৱা নাছিল ।
বিগত সময়ত ৰাজধানী মহানগৰীক লখিমপুৰৰ পৰা আকাশী পথেৰে সংযোগ কৰাৰ দাবী উত্থাপন কৰি আহিছিল । প্ৰাপ্ত তথ্য মতে,এলায়েন্স এয়াৰৰ ৯১৭৩৫ নম্বৰৰ বিমান খন অহা ৩০ অক্টোবৰৰ পৰা সপ্তাহৰ সোম,বুধ, শুক্র আৰু শনিবাৰে লীলাবাৰীৰ পৰা শ্বিলঙলৈ চলিব (Alliance Air will fly from Lakhimpur to Shilong) । এই বিমানখন পূৱা ১০:৩৫ বজাত শ্বিলঙৰ পৰা উৰা মাৰি ১১:৩৫ বজাত লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰত অৱতৰণ কৰিব । এই বিমানখনে পুনৰ ১১:৫৫ বজাত লীলাবাৰীৰ পৰা উৰা মাৰি ১২:৫৫ বজাত শ্বিলং পাবগৈ ।