অসম

assam

ETV Bharat / state

Injustice Day observed: সংবিধানৰ ৩৪১ অনুচ্ছেদ বাতিলৰ দাবীত প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্র ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ - ৰাষ্ট্ৰীয় উলেমা কাউন্সিল

ৰাষ্ট্ৰীয় উলেমা কাউন্সিলে প্ৰতি বছৰে ১০ আগষ্টৰ দিনটো অন্যায় দিৱস হিচাপে পালন কৰি আহিছে । ১৯৫০ চনৰ ১০ আগষ্টৰ দিনটোতে সংবিধানৰ ৩৪১ অনুচ্ছেদ জাৰি কৰি পিছপৰা শ্ৰেণীৰ বিৰুদ্ধে ধৰ্মীয় প্ৰতিবন্ধকতা আৰোপ কৰা বুলি কাউন্সিলে এই দিৱস পালন কৰি প্ৰতিবাদ জনাই আহিছে । বৃহস্পতিবাৰে কাউন্সিলৰ ৰাজ্যিক সমিতিয়ে লখিমপুৰ জিলা আয়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্র প্ৰেৰণ কৰি অনুচ্ছেদ ৩৪১ বাতিলৰ দাবী জনায় ।

Rashtriya Ulema Council
সংবিধানৰ ৩৪১ অনুচ্ছেদ বাতিলৰ দাবীত প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্র ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ

By

Published : Aug 10, 2023, 6:57 PM IST

সংবিধানৰ ৩৪১ অনুচ্ছেদ বাতিলৰ দাবীত প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্র ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ

লখিমপুৰ ১০ আগষ্ট:সংবিধানৰ অনুচ্ছেদ ৩৪১ বাতিল কৰাৰ দাবীত বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ ৰাজ্যিক সমিতিয়ে লখিমপুৰ জিলা আয়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । স্মাৰক পত্ৰ প্ৰেৰণ কৰি ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ ৰাজ্যিক সমিতিৰ সভাপতি মৌলানা উবেইদুৰ ৰহমানে সংবাদ মাধ্যমৰ আগত কয়, জৱাহৰলাল নেহৰুৰ দিনত ১৯৫০ চনৰ ১০ আগষ্টত দেশৰ দলিত, পিছপৰা শ্ৰেণীৰ প্ৰতি অন্যায় কৰি সংৰক্ষণ সম্পর্কত সংবিধানৰ অনুচ্ছেদ ৩৪১ (৩) এক অধ্যাদেশ যোগে জাৰি কৰে ।

তেওঁ লগতে কয়, এই অনুচ্ছেদ অনুযায়ী হিন্দুৰ বাহিৰে অন্য ধৰ্মৰ লোকক সংৰক্ষণৰ সুবিধাৰ পৰা বঞ্চিত কৰা হ’ল । তেতিয়াৰ পৰা ৰাষ্ট্ৰীয় উলেমা কাউন্সিলে প্ৰতিবছৰে ১০ আগষ্টৰ দিনটো অন্যায় দিৱস হিচাপে পালন কৰি আহিছে । পৰৱৰ্তী সময়ত ১৯৫৬ চনত শিখ আৰু ১৯৯০ চনত বৌদ্ধ ধৰ্মৰ লোকৰ ওপৰৰ পৰা এই প্ৰতিবন্ধকতা বিলোপ কৰা হয় যদিও মুছলমান, দলিত অথবা অতি পিছপৰা শ্ৰেণীৰ লোকক এই প্ৰতিবন্ধকতাৰ আওতাতে আজিও ৰখা হৈছে ।

ধৰ্মনিৰপেক্ষ দেশ এখনত এনেদৰে ধৰ্মীয় প্ৰতিবন্ধকতা আৰোপ কৰি ৰখাটো বেদনাদায়ক বুলি অভিহিত কৰে কাউন্সিলৰ ৰাজ্যিক সভাপতিজনে । তেওঁ আৰু কয়, বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সততে সবকা চাথ সবকা বিকাশৰ শ্লোগান আওৰাই আছে যদিও সকলোৰে সম-বিকাশৰ বাবে এই অনুচ্ছেদ দূৰ কৰাত গুৰুত্ব দিয়া নাই । সেয়ে দেশৰ ধৰ্মনিৰপেক্ষতা আৰু সকলোৰে সম-বিকাশৰ বাবে এই অনুচ্ছেদ দূৰ কৰাটো নিতান্তই প্ৰয়োজন বুলিও তেওঁ দাবী কৰি প্ৰধানমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা বুলি কয় ।

লগতে পঢ়ক:Manipur 40 MLAs write to PM: মণিপুৰৰ পৰা অসম ৰাইফলছক প্ৰত্যাহাৰৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ 40 বিধায়কৰ

ABOUT THE AUTHOR

...view details