অসম

assam

By

Published : Jan 24, 2023, 9:07 PM IST

ETV Bharat / state

National Girl Child Day 2023 : লখিমপুৰত ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস উদযাপন

লখিমপুৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ’ল ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস (National Girl Child Day 2023)৷ স্বাস্থ্য বিভাগৰ অতিৰিক্ত চিকিৎসা ও স্বাস্থ্য বিষয়াৰ কার্যালয় আৰু লখিমপুৰ জিলা পি.চি.পি.এন.ডি.টিৰ উদ্যোগত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত উদযাপন কৰা হয় কন্যা সন্তান দিৱস ৷

National Girl Child Day 2023
লখিমপুৰত ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস উদযাপন

লখিমপুৰত ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস উদযাপন

লখিমপুৰ, ২৪ জানুৱাৰী :আজি ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস (National Girl Child Day 2023)৷ প্ৰতি বছৰে 24 জানুৱাৰীত ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস উদযাপন কৰা হয় ৷ মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ে(Ministry of Women and Child Development) সমাজত লিংগ বৈষ্যমৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ প্ৰথমবাৰৰ বাবে 2008 চনত ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস উদযাপন কৰিছিল ৷

সমগ্ৰ দেশৰ লগতে মঙলবাৰে লখিমপুৰতো ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ৷ লখিমপুৰৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত(Kasturba Gandhi School Lakhimpur) ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস উদযাপন কৰা হয় ৷ লখিমপুৰ জিলাৰ লীলাবাৰীস্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত লখিমপুৰ জিলাৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত চিকিৎসা ও স্বাস্থ্য বিষয়াৰ কার্যালয়(পৰিয়াল কল্যাণ) আৰু লখিমপুৰ জিলা পি.চি.পি.এন.ডি.টিৰ উদ্যোগত ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস উদযাপন কৰা হয় ৷

উক্ত সভাত উপস্থিত থাকি লখিমপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) ৰুণা নেওগে(Lakhimpur additional SP Runa Neog) নিজৰ ভাষণত ছাত্ৰীসকলক ভয় নকৰি সাহসেৰে নিজৰ জীৱনত আগুৱাই যাবলৈ আহ্বান জনাই কয় যে সময় সলনি হৈছে ৷ আজিৰ সময়ত কন্যা সন্তান ওলাই আহি নিজৰ অঞ্চল তথা দেশৰ নাম বিশ্ব দৰবাৰত উজ্জ্বল কৰিছে ৷

আৰক্ষী অধীক্ষকগৰাকীয়ে ছাত্ৰীসকলৰ মাজত চাইবাৰ অপৰাধ, POCSO আইন সম্পৰ্কে সজাগতামূলক ভাষণ দিয়ে ৷ মহকুমা পৰ্যায়ৰ চিকিৎসা ও স্বাস্থ্য বিষয়া (মুখ্য কাৰ্যালয়) ডাঃ কুইন হাজৰিকাই নিজৰ ভাষণত বাল্য বিবাহৰ ওপৰত মন্তব্য দি কয় যে বাল্য বিবাহ হ’ল এক সামাজিক কু-সংস্কাৰ ৷ কম বয়সত বিয়া হ’লে(Child marriage) মানসিক-শাৰীৰিক ক্ষমতা আৰু পৰিপক্কতাৰ অভাৱত কম বয়সীয়া ছোৱালীবোৰ ঘৰুৱা হিংসা, বিভিন্ন নিৰ্যাতনৰ সন্মুখীন হয় ৷

লৰা-ছোৱালী উভয়ে শিক্ষা আৰু কৰ্মসংস্থাপনৰ পৰাও বঞ্চিত হয়, যি দৰিদ্ৰতা বৃদ্ধিত ইন্ধন যোগায় ৷ অভিজ্ঞতা তথা মানসিক পৰিপক্কতাৰ অভাৱত সংসাৰৰ গধুৰ দ্বায়িত্ব পালন কৰাত ব্যৰ্থ হৈ পৰে তথা কৰ্মসংস্থাপনৰ অভাৱত মানসিকভাৱে ভাগি জীৱনৰ বাটত পথভ্ৰষ্ট হৈ বিভিন্ন কু-কৰ্ম তথা অপৰাধজনিত কামত জড়িত হৈ পৰে ৷ কোনো কোনোৱে আত্মহননৰো পথ বাচি লয় । এইবিলাক কাৰ্যই সমাজত কুপ্ৰভাৱ পেলায় বুলি মন্তব্য কৰে ডাঃ কুইন হাজৰিকাই ৷

এগৰাকী কম বয়সীয়া ছোৱালীয়ে অপৈনত বয়সত বিবাহ আৰু শিশুৰ জন্ম দিয়াৰ ফলত বিভিন্ন জটিল স্বাস্থ্যজনিত সমস্যা তথা শিশু অথবা মাতৃৰ মৃত্যু পৰ্যন্ত হব পাৰে । অতিৰিক্ত চিকিৎসা ও স্বাস্থ্য বিষয়া (পৰিয়াল কল্যাণ) ডাঃ তৰুণ দেউৰীয়ে ঋতুস্ৰাৱ সম্পৰ্কে সজাগতামূলক ভাষণ দিয়ে আৰু উক্ত সময়ত অৱলম্বন কৰিবলগীয়া পৰিষ্কাৰ-পৰিচন্নতা সম্পৰ্কে উল্লেখ কৰে ৷

ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস উপলক্ষে অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে কাশ্যপ কলিতাই ৷ দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে চুমি বেগম আৰু মনামি কাকতিয়ে ৷ কুইজত প্ৰথম স্থান দখল কৰে দ্ৰৌপদী মুৰ্মু দলে, দ্বিতীয় স্থান দখল কৰে অনুৰাধা শৰ্মা পূজাৰী দলে আৰু তৃতীয় স্থান দখল কৰে সুনীতা উইলিয়াম দলে ।

সভাত উপস্থিত থাকে ডাঃ যতীন মেদক, ৰেণুমা লাহন, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল ৷ উল্লেখ্য যে, ৰাষ্ট্ৰীয় কন্যা দিৱস উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে সজাগতামুলক সমদল উলিয়ায় ৷

লগতে পঢ়ক:BBC documentary on PM Modi: জে এন ইউত বিবিচিৰ তথ্যচিত্ৰৰ প্ৰদৰ্শন বন্ধ কৰাৰ নিৰ্দেশ বিশ্ববিদ্যালয় প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details