লখিমপুৰ, ২৪ জুন :শুকুৰবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল লখিমপুৰৰ ঘাৰমৰা ৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বিৰুদ্ধে এইবাৰ লখিমপুৰত প্ৰতিবাদত বহিল জাগৃত নাৰী শক্তি সমিতি (Nari Shakti protest in Lakhimpur) ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক চলিত বছৰৰ পৰা আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা নহ’ব বুলি কৰা শিক্ষামন্ত্ৰীগৰাকীৰ ঘোষণাৰ পাচতে লখিমপুৰত এতিয়া জ্বলিছে প্ৰতিবাদৰ অগনি ৷
আনকি প্ৰতিবাদকাৰীসকলে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভাক লৈ হেতালি নেখেলিবলৈ শিক্ষামন্ত্ৰীগৰাকীক সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰী মহিলাসকলে । লগতে চৰকাৰৰ সিদ্ধান্ত কেৱল ৰাজনৈতিক উদেশ্য প্ৰণোদিত বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে ৷ লগতে প্ৰতিবাদকাৰীসকলে কয় যে, 18 বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভোটাধিকাৰ নথকাৰ বাবেই তেওঁলোকক আনন্দৰাম বৰুৱা বঁটাৰ পৰা বঞ্চিত কৰা হৈছে ৷