অসম

assam

ETV Bharat / state

বিহপুৰীয়াত কংগ্ৰেছ 0, নাৰায়ণপুৰ পৌৰসভা কংগ্ৰেছৰ দখলত - নাৰায়ণপুৰ পৌৰসভা কংগ্ৰেছৰ দখলত

বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহপুৰীয়া পৌৰসভা আৰু নাৰায়ণপুৰ পৌৰসভাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে ৷ বিহপুৰীয়াত কংগ্ৰেছ শূণ্য কৰি বিজেপিয়ে পৌৰসভাতো দখল কৰাৰ বিপৰীতে নাৰায়ণপুৰত কংগ্ৰেছে স্থাপন কৰে নিজৰ অধিপত্য ৷

narayanpur-municipality-occupied-by-congress-against-congress-zero-in-bihpuria
নাৰায়ণপুৰ পৌৰসভা কংগ্ৰেছৰ দখলত

By

Published : Mar 9, 2022, 2:06 PM IST

বিহপুৰীয়া/লখিমপুৰ, 9 মাৰ্চ :আজি ঘোষিত হয় পৌৰসভা নিৰ্বাচনৰ ফলাফল । বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত দুখনকৈ পৌৰসভা ক্ৰমে বিহপুৰীয়া পৌৰসভা(BJP win at Bihpuria Municipal Election) আৰু নাৰায়ণপুৰ পৌৰসভা বিজেপি আৰু কংগ্ৰেছৰ দখলত । বিহপুৰীয়া পৌৰসভাৰ ১০ খন আসনৰ ভিতৰতে কংগ্ৰেছ শূণ্য কৰি ৯ খন আসনত বিজেপি আৰু ১ আসনত অগপ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে । ইফালে নাৰায়ণপুৰ পৌৰসভা ইতিমধ্যে কংগ্ৰেছে দখল লাভ কৰিবলৈ সক্ষম হৈছে । নাৰায়ণপুৰ পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ ৫ টা কংগ্রেছে, ২টা কংগ্রেছ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীয়ে আৰু ৩ টা ৱাৰ্ড বিজেপিয়ে দখল কৰে ।

নাৰায়ণপুৰ পৌৰসভাৰ ১নং(ক) ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থী কুশল নেওঁগ, ১ নং (খ) ৱাৰ্ডত বিজেপি প্ৰাৰ্থী চূৰমণি বৰা, ২ নং ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থী ৰূপান বৰা, ৩ নং (ক) ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী বিৰাজ ভূঞা, ৩ নং (খ) ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থী মায়া চন্দক, ৪ নং (ক) ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থী জুতিকা শইকীয়া, ৪ নং ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থী জুতিকা শইকীয়া, ৫ নং (ক) ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থী পল্লবী হাজৰিকা বনীয়া, ৫ নং (খ) ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী হৰিশ চন্দক, ৬নং (ক) ৱাৰ্ডত বিজেপিৰ জুনু দলে দেউৰী আৰু ৬ নং (খ) ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী জয়ামাই দেউৰীয়ে জয় লাভ কৰে ।

কাৰ দখলত লখিমপুৰ-বিহপুৰীয়া

ইফালে বিহপুৰীয়া পৌৰসভাৰ ১ নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী ৰীতা শৰ্মা ভৰালী, ২ নং ৱাৰ্ডত বিজেপি শ্বেখ বাবৰ, ৩ নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী দীপশিখা বৰা, ৪ নং ৱাৰ্ডত বিজেপিৰ জানমনি হাজৰিকা, ৫ নং ৱাৰ্ডত বিজেপিৰ মিন্টু গগৈ, ৬ নং ৱাৰ্ডত বিজেপিৰ ৰীতা চেটাৰ্জী, ৭ নং ৱাৰ্ডত বিজেপিৰ দীপক চৰকাৰ, ৮ নং ৱাৰ্ডত বিজেপিৰ ৰূপালী লোধ, ৯ নং ৱাৰ্ডত বিজেপিৰ কুকি শৰ্মা আৰু ১০ নং ৱাৰ্ডত অগপ প্ৰাৰ্থী তনুশ্ৰী গগৈয়ে জয়লাভ কৰে ৷

আনহাতে লখিমপুৰ পৌৰসভা বিজেপিয়ে দখল কৰিবলৈ সক্ষম হয় ৷ জিলাখনৰ তিনিটা পৌৰসভা বিজেপিয়ে দখল কৰাৰ বিপৰীতে এটা পৌৰসভা কংগ্রেছে দখল কৰে । লখিমপুৰৰ ১৪ টা ৱাৰ্ড দখল কৰে দলটোৱে । ১ নং ৱাৰ্ডত প্ৰাঞ্জল প্ৰতীম দত্ত, ২ নং ৱাৰ্ডত মমতাজ বেগম, ৩ নং ৱাৰ্ডত নিবেদিতা দত্ত, ৪ নং ৱাৰ্ডত প্ৰদীপ কুমাৰ সোণোৱাল, ৫ নং ৱাৰ্ডত জ্যোতি দাস, ৬ নং ৱাৰ্ডত ভৱানী প্ৰসাদ শৰ্মা, ৮ নং ৱাৰ্ডত বিজিত প্ৰসাদ শ্বাহ, ৯ নং ৱাৰ্ডত মীনা দাস শ্বাহ, ১০ নং ৱাৰ্ডত কৃষ্ণাৰাণী ধৰি সেন, ১১ নং ৱাৰ্ডত ভাস্কৰ জ্যোতি কাকতি, ১২ নং ৱাৰ্ডত অমিত গগৈ, ১৪ নং ৱাৰ্ডত দিপিকা গগৈ দাস, ১৪ নং ৱাৰ্ডত প্ৰশান্ত বৰুৱায়ে জয়লাভ কৰে ৷

তদুপৰি লখিমপুৰৰ ১৩ নং ৱাৰ্ডত ইতিমধ্যে বিনা প্রতিদ্বন্দ্বিতায় বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে । আনহাতে কংগ্রেছ দলৰ লিপিকা নেওগ গগৈয়ে ৪ নং ৱাৰ্ড আৰু হীনা ৰহমানে ১৪ ডি ৱাৰ্ড আৰু চৰিফা বেগমে ১২ নং ৱাৰ্ড দখল কৰে । অগপৰ প্ৰাৰ্থী অমিত চন্দ্র বালুৱে ৭ নং ৱাৰ্ড, আপৰ প্ৰাৰ্থী উদিতা দাসে ১৪ (গ) নং ৱাৰ্ড দখল কৰে ৷ আনহাতে ঢকুৱাখনাৰ ২০ টা ৱাৰ্ডৰ ৯ টা বিজেপিয়ে আৰু ১ টা নিৰ্দলীয় প্ৰাৰ্থীয়ে দখল কৰে । জিলাখনৰ চাৰিখন পৌৰসভাৰ লখিমপুৰ, বিহপুৰীয়া, ঢকুৱাখনা, বিজেপিয়ে দখল কৰাৰ বিপৰীতে নাৰায়ণপুৰ পৌৰসভা কংগ্রেছে দখল কৰে ।

লগতে পঢ়ক :Municipal Election 2022 : বিজেপিৰ দখলত কৰিমগঞ্জ পৌৰসভা

ABOUT THE AUTHOR

...view details