বিহপুৰীয়া,30 ছেপ্টেম্বৰ : ৰাজ্যত অব্যাহত আছে চিলনী চোৰৰ উপদ্ৰৱ ৷ লখিমপুৰ নাৰায়ণপুৰ থানাৰ সমীপতে সংঘটিত হয় পুনৰ চিলনী চোৰৰ ঘটনা ৷ সোমবাৰে নাৰায়ণপুৰৰ এম কে গ’ল্ড পেলেছ নামৰ জুৱেলাৰ্ছখনৰ পৰা দুৰ্বৃত্তই লুটি নিলে সোণসহ নগদ ধন ৷ লগতে দু্ৰ্বৃত্তৰ আক্ৰমণত আহত হয় এম কে গ’ল্ড পেলেছ নামৰ জুৱেলাৰ্ছখনৰ স্বত্বাধিকাৰী সুদীপ্ত কৰ্মকাৰৰ পত্নী মণি কৰ্মকাৰ ৷
থানাৰ সন্মুখতে চিলনী চুৰে কাঢ়ি নিলে সোনসহ নগদ ধন - চিলনী চুৰে কাঢ়ি নিলে সোনসহ নগদ ধন
নাৰায়ণপুৰৰ এম কে গ’ল্ড পেলেছ নামৰ জুৱেলাৰ্ছখনৰ স্বতাধিকাৰৰ পত্নীৰ পৰা দুৰ্বৃত্তই লুটি নিলে সোণসহ নগদ ধন
ঘটনা অনুসৰি জুৱেলাৰ্ছখন বন্ধ কৰি সোণৰ টোপোলাসহ ঘৰলৈ যোৱাৰ পথত পালচাৰ বাইকত অহা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হয় জুৱেলাৰ্ছখনৰ স্বত্বাধিকাৰী সুদীপ্ত কৰ্মকাৰৰ পত্নী মণি কৰ্মকাৰ ৷ মণি কৰ্মকাৰক আক্ৰমণ কৰি সোণৰ টোপোলা সহ নগদ ধন কাঢ়ি লৈ ঘটনাস্থলীৰ পৰা পলায়ণ কৰে দুবৃৰ্ত্তই ৷ টোপোলাটোত সোণৰ লগতে নগদ ধন আৰু জুৱেলাৰী আছিল ৷ দুৰ্বৃত্তৰ আক্ৰমণত এখন হাত ভাঙি যায় মণি কৰ্মকাৰৰ ৷ সম্প্ৰতি উন্নত চিকিৎসাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰে মহিলাগৰাকীক ৷ প্ৰাপ্ত তথ্য মতে লুটি নিয়া সোণখিনিৰ মূল্য প্ৰায় পাঁচ লাখ টকা ৷