উৎকোচ নিদিলে ফাইলত চহী নকৰে নাৰায়ণপুৰৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই - Narayanpur Bribe Video Viral News
ভাইৰেল হ'ল খণ্ড প্ৰাথমিক বিষয়া হৰিপ্ৰসাদ দাসৰ উংকোচ লোৱাৰ ভিডিঅ'
বিহপুৰীয়া, 17 আগষ্ট : নাৰায়ণপুৰৰ খণ্ড প্ৰাথমিক বিষয়া হৰিপ্ৰসাদ দাসে মুকলিকৈ চলাইছে উৎকোচৰ বেহা ৷ কাৰ্যালয়তে বিষয়াগৰাকীয়ে উৎকোচ লোৱাৰ এটা ভিডিঅ’ শেহতীয়াকৈ ভাইৰেল হৈছে ৷ খণ্ড প্ৰাথমিক বিষয়াগৰাকীয়ে বিগত কেইবামাহৰ পৰা নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়সমূহৰ নামত অহা বিভিন্ন শিতানৰ ধন আদায় দিয়াৰ নামত বৃহৎ পৰিমাণৰ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ বিগত সময়ত বিষয়াগৰাকীয়ে ভয়-ভাবুকিৰে উৎকোচ লোৱাৰ উপৰিও মানসিকভাৱে শিক্ষকসকলক হাৰাশাস্তি কৰি আহিছে ৷ ভাইৰেল হোৱা ভিডিঅ’টোত বিষয়াজনে গ্ৰেড পে', এৰিয়াৰ বিল মুকলি কৰাৰ নামত কেইবাজন শিক্ষকৰ পৰা ৩০০০ টকাকৈ উৎকোচ লোৱাটো স্পষ্টকৈ দেখা গৈছে ৷ ভিডিঅ’টোৰ অডিঅ’ত বিষয়াজনে ধন বিচৰাটো স্পষ্টকৈ প্ৰকাশ পাইছে ৷ শিক্ষকসকলৰ বাবে অহা পঞ্চাছ শতাংশ ঘৰভাড়াৰ ক্ষেত্ৰতো উৎকোচ দাবী কৰিছে দুৰ্নীতিপৰায়ণ বিষয়াগৰাকীয়ে ৷ বিষয়াগৰাকীৰ শাস্তিমূলকভাৱে বদলিৰ দাবী জনাইছে শিক্ষক সন্মিলনী আৰু কৰ্মচাৰী পৰিষদৰ লগতে আছুৱে ৷