অসম

assam

By

Published : Dec 18, 2020, 4:55 PM IST

ETV Bharat / state

নাৰায়ণপুৰত বিজেপি নেতাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

নাৰায়ণপুৰত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান বিজেপি নেতা যুগল কিশোৰ বনিয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে দুৰ্নীতিৰ অভিযোগ ৷ নাৰায়ণপুৰৰ জালভৰীয়াত এটি সাংস্কৃতিক ভৱনৰ আধাৰশিলা স্থাপনৰ নামত 19 লাভ টকা আত্মসাতৰ অভিযোগ বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে ৷

as_nlp_Narayanpur_BJP_leader_involved_in_fraud_case_ASC10039
নাৰায়ণপুৰত বিজেপি নেতাৰ বিৰুদ্ধে উত্থাপিত হৈছে দুৰ্নীতিৰ অভিযোগ

লখিমপুৰ,18 ডিচেম্বৰ:লখিমপুৰৰ নাৰায়ণপুৰত বিজেপি নেতাৰ বিৰুদ্ধে উত্থাপিত হৈছে দুৰ্নীতিৰ অভিযোগ ৷ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ বিজেপি নেতা যুগল কিশোৰ বনিয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ নিজকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বুলি দাবী কৰা স্বয়ম্ভু নেতা গৰাকীয়ে নাৰায়ণপুৰৰ জালভৰীয়াত এটি সাংস্কৃতিক ভৱনৰ নিৰ্মানৰ ঠিকা লাভ কৰিছিল ৷

নাৰায়ণপুৰত বিজেপি নেতাৰ বিৰুদ্ধে উত্থাপিত হৈছে দুৰ্নীতিৰ অভিযোগ

অসম চৰকাৰৰ অনুসূচিত জাতি উন্নয়ন সঞ্চালকালয়ৰ দ্বাৰা আৱন্টিত ২৯ লাখ টকাৰ অনুদানেৰে এই সাংস্কৃতিক ভৱনৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা হৈছিল ৷ কিন্তু বিগত ফেব্ৰুৱাৰী মাহতে স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাই আধাৰশিলা স্থাপন কৰা সাংস্কৃতিক ভৱনটোৰ নিৰ্মাণকাৰ্য আজিকোপতি সম্পূৰ্ণ হৈ নুঠিল । সামান্য কাম কৰিয়েই কাম সামৰা যুগল কিশোৰ বনিয়াৰ বিৰুদ্ধে প্ৰায় ১৯ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

এই সন্দৰ্ভত ৰাইজে স্থানীয় বিধায়ক দেবানন্দ হাজৰিকা আৰু জিলা উপায়ুক্তক বহুবাৰ আবেদন কৰাৰ পিছতো কোনো সহাঁৰি লাভ কৰা নাই ৷ আনহাতে,নিৰ্মাণ কাৰ্যৰ বিষয়ে জানিব বিচাৰিলে স্থানীয় ৰাইজক ভাবুকি প্ৰদান কৰাৰো অভিযোগ ঠিকাদাৰ যুগল কিশোৰ বনিয়াৰ বিৰুদ্ধে । সেহেয়ে ৰাইজে অতিশীঘ্ৰে সাংস্কৃতিক ভৱনটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ বাবে দাবী উত্থাপন কৰিছে ৷ অন্যথা পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে গাঁওবাসীয়ে ৷

লগতে পঢ়ক-মৃত্যুৰ সিপাৰৰ পৃথিৱীলৈ গুচি যোৱাৰ পাছতো জীয়াই আছে আঢ়ৈবছৰীয়া জশ

For All Latest Updates

ABOUT THE AUTHOR

...view details