বিহপুৰীয়া,27ছেপ্টেম্বৰঃ সদৌ অসম ছাত্ৰসন্থাৰ প্ৰতিবাদৰ বেনাৰ বিকৃত কৰি আৰক্ষীৰ জালত পৰিছে ইটোৰ পিছত সিটো দুষ্কৃতিকাৰী ৷ শুকুৰবাৰে নাৰায়ণপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিকৃত ফটোখন ফেচবুকত শ্বেয়াৰ কৰা চিৰাজ ৰহমান নামৰ এটা দুষ্কৃতিৰকাৰীক ৷ নাৰায়ণপুৰ আছুৰ সহযোগত নাৰায়ণপুৰ আৰক্ষীয়ে নাৰায়ণপুৰ ৫ নং ৱাৰ্ডৰ নিজ বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে চিৰাজ ৰহমানক ৷পাচত নাৰায়ণপুৰ আৰক্ষীয়ে সদৰ থানালৈ প্ৰেৰণ কৰে ধৃত চিৰাজ ৰহমানক ৷
প্ৰসংগঃআছুৰ বেনাৰ বিকৃতকৰণ; এটা দুস্কৃতিকাৰী গ্ৰেপ্তাৰ - উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থা
শুকুৰবাৰে নাৰায়ণপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আছুৰ বিকৃত বেনাৰৰ ফটো ফেচবুকত শ্বেয়াৰ কৰা চিৰাজ ৰহমান নামৰ এটা দুষ্কৃতিৰকাৰীক ৷ নাৰায়ণপুৰ আছুৰ সহযোগত নাৰায়ণপুৰ আৰক্ষীয়ে নাৰায়ণপুৰ ৫ নং ৱাৰ্ডৰ নিজ বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে চিৰাজ ৰহমানক ৷

অভিযুক্ত চিৰাজ ৰহমান
আছুৰ বেনাৰ বিকৃত কৰি আৰক্ষীৰ জালত 1 জন
উল্লেখ্য যে যোৱা 20 ছেপ্টেম্বৰৰ দিনা উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই পৌৰ সভাৰ বিৰুদ্ধে হাতত লৈছিল এক প্ৰতিবাদী কাৰ্যসূচী । কিন্তু উক্ত বেনাৰত কোনো উদণ্ড যুৱকে অশ্লীল শব্দ সংযোগ কৰি সামাজিক মাধ্যম ফেচবুক আৰু হোৱাটছএপ যোগে বিয়পাই দিয়ে ৷ তাৰ পাচতে আছুৰ কৰ্মী সকলে এখন এজাহাৰ দাখিল কৰিছিল ৷