অসম

assam

ETV Bharat / state

নাওবৈচাৰ দ‘লহাট বজাৰত চি পি আইৰ ধৰ্ণা কার্যসূচী

অখিল গগৈৰ মুক্তিকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত মঙলবাৰে নাওবৈচাত প্ৰতিবাদ সাবস্ত্য কৰে চি পি আইৰ লখিমপুৰ জিলা পৰিষদৰ সদস্য সকলে ৷

naoboisca  dolhat market CPI protest aginest assam govement
নাওবৈচাৰ দ‘লহাট বজাৰত চি পি আইৰ ধৰ্ণা কার্যসূচী

By

Published : Jun 23, 2020, 6:52 PM IST

নাওবৈচা,২৩জুনঃ ভাৰতৰ কমিউনিষ্ট পাৰ্টি (চি পি আই)ৰ লখিমপুৰ জিলা পৰিষদৰ উদ্যোগত মঙলবাৰে নাওবৈচাৰ দ‘লহাট বজাৰত কৃষক নেতা অখিল গগৈক মুক্তিকে ধৰি সৰ্বসাধাৰণ জনতাৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবী জনাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিকূল বতৰৰ মাজতে লক ডাউনৰ সকলো নিয়ম মানি সীমিত সংখ্যক কমিউনিষ্ট কৰ্মীৰ অংশগ্ৰহণেৰে পথৰ দাঁতিত হাতে হাতে বিভিন্ন ধৰণৰ শ্ল'গান সম্বলিত প্লেকাৰ্ড, ফ্লেগ প্ৰদৰ্শন কৰি চৰকাৰক সমস্যাসমূহৰ তাৎক্ষণিক সমাধানৰ বাবে দাবী জনায় ।

নাওবৈচাৰ দ‘লহাট বজাৰত চি পি আইৰ ধৰ্ণা কার্যসূচী

ইপিনে চি পি আই'ৰ অসম ৰাজ্য পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য গিৰিন্দ্ৰ প্ৰসাদ উপাধ্যায়ে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম চৰকাৰে অন্যায়মূলকভাৱে কৃষক নেতা অখিল গগৈক দীৰ্ঘদিন ধৰি কাৰাগাৰত ৰখা মন্তব্যকৰে। তদুপৰি এম জি এনৰেগা শ্ৰমিকক বছেৰেকত নূন্যতম দুশ দিন কাম দিয়া,থলুৱা কৃষকৰ দখলীকৃত ভূমিৰ পট্টা প্ৰদান,ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ব্যক্তিগত কোম্পানীৰ ওচৰত বিক্ৰী বন্ধ কৰা,বানপানী-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান,লক ডাউনৰ বাবে বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা সকলো শ্ৰমিকসকলক চৰকাৰীভাৱে ঘূৰাই আনি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰা, শ্ৰমিকসকলক ছ‘মাহলৈ মাহে ৭৫০০টকা দিয়া, বিশেষসজ্ঞ বৈজ্ঞানিকৰ দ্বাৰা বাঘজান তৈল্যখাদৰ জুই অতি শীঘ্ৰে নিৰ্বাপিত কৰা, প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত সংঘটিত কৰাৰ দোষী ব্যক্তিক ওপৰত তদন্ত ক্ষীপ্ৰ কৰা আদিকে ধৰি বিভিন্ন সমস্যাৰ সমাধানৰ দাবী উত্থাপন কৰে প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢকঃ অক্ষয় কুমাৰে পঞ্জাৱ আৰক্ষীক দিলে 500 টা বিশেষ ঘড়ী

ABOUT THE AUTHOR

...view details