অসম

assam

বাৰিষা বান খৰালি খহনীয়াৰে ৰাইজৰ দুখ হৈ পৰিছে সোৱণশিৰি

নাওবৈচা ৰাজহ চক্ৰ আৰু লখিমপুৰ ৰাজহ চক্ৰৰ অধীনস্থ পকণীয়াঘাট,নামে চুক,পমুৱা খাবলু, কাৱৈভুৰুকা আদি গাঁৱৰ বিস্তীৰ্ণ এলেকাৰ কৃষিভূমি,ঘৰ-বাৰী ইতিমধ্যে সোৱণশিৰিৰ বুকুত জাহ গৈছে ৷ ইয়াৰ পিচতো খৰালীৰ এই সময়ছোৱাতো সোৱণশিৰিৰ প্ৰবল খহনীয়াই বিপৰ্যায় কঢ়িয়াই আনিছে নাওবৈচা পকণীয়া ঘাটলৈ ৷

By

Published : Jan 25, 2021, 3:49 PM IST

Published : Jan 25, 2021, 3:49 PM IST

Updated : Jan 25, 2021, 9:11 PM IST

as-naoboicha-pokonia-ghat-subansiri-river-erosion-vis-asc10037
খৰালিটো নাওবৈচাৰ পকণীয়া ঘাটত সোৱণশিৰিৰ প্ৰৱল খহনীয়া

নাওবৈচা,25 জানুৱাৰী : সোৱণশিৰিৰ প্ৰবল খহনীয়াই বিপৰ্যায় কঢ়িয়াই আনিছে নাওবৈচা পকণীয়া ঘাটলৈ ৷ প্ৰতিটো বাৰিষাতে সোৱণশিৰিৰ বানত দিক-বিদিক হেৰুওৱা গাঁওবাসীৰ জীৱনলৈ পুনৰ নামি আহিছে অমানিশা ৷ ইতিমধ্যেই সোৱণশিৰিৰ বুকুত জাহ গৈছে অঞ্চলটোৰ প্ৰায় অৰ্ধ শতাধিক পৰিয়ালৰ বাসগৃহ ৷ ক্ৰমান্বয়ে ঐতিহাসিক পাভ বনাঞ্চলখনো সোৱণশিৰিৰ বুকুত নিচিহ্ন হোৱাৰ দিশে ৷ ১৯৯৯-২০০০ চনৰ পৰা ধাৰাবাহিকভাৱে সোৱণশিৰিৰ খহনীয়া আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈকে নদীখনৰ গ্ৰাসত পৰিছে বনাঞ্চলখনৰ শ-শ হেক্টেৰৰ ভূমি ৷ কিন্তু ইয়াৰ পিছতো গা-লৰা নাই ৰাজ্যৰ তথা লখিমপুৰ জিলা জলসম্পদ বিভাগৰ ৷

খৰালিটো নাওবৈচাৰ পকণীয়া ঘাটত সোৱণশিৰিৰ প্ৰৱল খহনীয়া

উল্লেখ্য যে, নাওবৈচা ৰাজহ চক্ৰ আৰু লখিমপুৰ ৰাজহ চক্ৰৰ অধীনস্থ পকণীয়াঘাট,নামে চুক,পমুৱা খাবলু, কাৱৈ ভুৰুকা আদি গাঁৱৰ বিস্তীৰ্ণ এলেকাৰ কৃষিভূমি,ঘৰ-বাৰী নদীখনৰ বুকুত উচন হৈছে । সম্প্ৰতি নদীখনৰ প্ৰবল খহনীয়াই নাওবৈচা ৰাজহ চক্ৰৰ সোঁ-পাৰৰ মথাউৰিটো খহাই নিয়াৰ ফলত বৃহৎ অঞ্চলটোলৈ অশনি সংকেত কঢ়িয়াই আনিছে । এনে এক দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সময়তো এইসকল দুৰ্ভগীয়াৰ ওচৰত এষাৰ মাত দিবলৈ কোনো জনপ্ৰতিনিধিৰ অথবা জিলা প্ৰশাসনৰ আহৰি নাই ।

পকণীয়া ঘাটত সোৱণশিৰিৰ খহনীয়া

এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগ তথা জিলা প্ৰশাসনৰ বাৰাম্বাৰ আবেদন কৰিও কোনো সুফল নোপোৱাৰ অভিযোগ ৰাইজৰ ৷ স্থানীয় বিধায়ক, জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াই আজি পৰ্যন্ত উক্ত খহনীয়া অঞ্চল পৰিদৰ্শন নকৰাত ক্ষুব্ধ হৈ পৰিছে নৈপৰীয়া ৰাইজ । যদিহে জিলা জলসম্পদ বিভাগে তাৎক্ষণিকভাৱে খহনীয়া ৰোধৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰে তেনেহলে এই বাৰিষাতে নদীখনে অঞ্চলটোলৈ ভয়ংকৰ দুৰ্যোগ নমাই আনিব বুলি শংকাত দিন পাৰ কৰিবলগীয়া হৈছে ৰাইজে ৷

লগতে পঢ়ক-বেলতলাৰ জামে মছজিদত প্ৰৱেশ কৰা কোন এই 15 জনীয়া দুৰ্বৃত্ত ?

Last Updated : Jan 25, 2021, 9:11 PM IST

ABOUT THE AUTHOR

...view details