অসম

assam

By

Published : May 19, 2020, 6:24 PM IST

ETV Bharat / state

নাওবৈচাত এনৰেগা আঁচনিৰ নামত দুৰ্নীতি

২০১৮-১৯ বিত্তীয় বৰ্ষত পহুমৰা হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ খেল-ধেমালিৰ বাবে সহায় হোৱাকৈ গ্ৰীণ গ্ৰেলাৰী নিৰ্মানৰ বাবদ 40 লাখ টকাৰ পঁজি আবন্টন দিয়া হৈছিল । কিন্তু এনৰেগা আঁচনিৰ নামত নিৰ্মান হ'বলগীয়া এই গ্ৰেলাৰীটোৰ নামত কোনো পূৰ্ব পৰিকল্পনা অবিহনেই দায়িত্বত থকা কনিষ্ঠ অভিযন্তাই বিদ্যালয়খনৰ খেলপথাৰত গাত খান্দি গ্ৰীণ গ্ৰেলাৰীটোৰ আৰ্থ ফিলিঙ কৰে ।

Naoboicha MGNREGA scheme scam
নাওবৈচাত এনৰেগা আঁচনিৰ নামত দুৰ্নীতি

নাওবৈচা,19 মেঃ নাওবৈচা উন্নয়ন খণ্ড এলেকাত চৰকাৰী আঁচনি ৰূপায়নৰ নামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ । চৰকাৰী আঁচনিসমূহৰ ধন সঠিক ব্যৱহাৰ নকৰি একাংশ দালাল, পঞ্চায়ত প্ৰতিনিধি আৰু কনিষ্ঠ অভিযন্তাই মিলি লুণ্ঠনৰাজ অব্যাহত ৰখাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । শেহতীয়াকৈ নাওবৈচা উন্নয়ন খণ্ডৰ অধীনস্থ পহুমৰা গাঁও পঞ্চায়তত ৪০ লাখ টকীয়া গ্ৰীণ গ্ৰেলাৰী নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হৈছে ।

নাওবৈচাত এনৰেগা আঁচনিৰ নামত দুৰ্নীতি

উল্লেখ্য যে, ২০১৮-১৯ বিত্তীয় বৰ্ষত পহুমৰা হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ খেল-ধেমালিৰ বাবে সহায় হোৱাকৈ গ্ৰীণ গ্ৰেলাৰী নিৰ্মানৰ বাবদ 40 লাখ টকাৰ পঁজি আবন্টন দিয়া হৈছিল । কিন্তু এনৰেগা আঁচনিৰ নামত নিৰ্মান হ'বলগীয়া এই গ্ৰেলাৰীটোৰ নামত কোনো পূৰ্ব পৰিকল্পনা অবিহনেই দায়িত্বত থকা কনিষ্ঠ অভিযন্তাই বিদ্যালয়খনৰ খেলপথাৰত গাত খান্দি গ্ৰীণ গ্ৰেলাৰীটোৰ আৰ্থ ফিলিঙ কৰে । জিলা পৰিসদৰ সদস্যা তোলপ্ৰভা মৰাঙৰ নেতৃত্বত কনিষ্ঠ অভিযন্তাগৰাকী তথা কেইগৰাকীমান স্থানীয় নেতাই এই দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ৰাইজ ।

আনহাতে, বিদ্যালয়খনৰ নিচেই কাষেৰে বৈ গৈছে ৰঙা নদী । বাৰিষাৰ এই সময়ছোৱাত কোনো বান্ধৰ ব্যৱস্থা নথকা নদীখনে সংহাৰী ৰূপ ধাৰণ কৰিলে বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ ভয়ংকৰ বিপদ নামি আহিব পৰে । সেয়েহে চৰকাৰী পুঁজিৰ নামত নামমাত্ৰ কামেৰে চৰকাৰী ধন আত্মসাৎ কৰা লোকসকলক উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক- বিহালীত ঘৰে ঘৰে উপস্থিত স্বাস্থ্য কৰ্মীৰ দল

ABOUT THE AUTHOR

...view details