অসম

assam

ETV Bharat / state

নাওবৈচা বৰচলা বহুমুখী হাই মাদ্ৰাছাত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত দুৰ্নীতি - বৰচলা বহুমুখী হাই মাদ্ৰাছা

মঙলবাৰে সংখ্যালঘু ছাত্র বৃত্তিৰ নামত উত্তপ্ত হৈ পৰে নাওবৈচাৰ বৰচলা বহুমুখী হাই মাদ্ৰাছা ৷ মাদ্ৰাছাখনৰ একাংশ শিক্ষাৰ্থী আৰু অভিভাৱকৰ অভিযোগ শিক্ষাৰ্থীৰ সলনি বৃত্তিৰ ধন লাভ কৰিছে একাংশ স্থানীয় ব্যক্তিয়ে ৷

Naoboicha Barchala High Madrasa minority scholarship scam
নাঁওবৈচা বৰচলা বহুমুখী হাই মাদ্ৰাছাত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত দুৰ্নীতি

By

Published : Sep 30, 2020, 11:10 AM IST

নাওবৈচা, 30 ছেপ্তেম্বৰঃ ৰাজ্যত প্ৰতিদিনে এটাৰ পিছত আনটো সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে ৷ ইয়াৰ মাজতে মঙলবাৰে সংখ্যালঘু ছাত্র বৃত্তিৰ নামত উত্তপ্ত হৈ পৰে নাওবৈচাৰ বৰচলা বহুমুখী হাই মাদ্ৰাছা ৷ মাদ্ৰাখনৰ একাংশ শিক্ষাৰ্থী আৰু অভিভাৱকৰ অভিযোগ শিক্ষাৰ্থীৰ সলনি বৃত্তিৰ ধন লাভ কৰিছে একাংশ স্থানীয় ব্যক্তিয়ে ৷

নাঁওবৈচা বৰচলা বহুমুখী হাই মাদ্ৰাছাত প্ৰতিবাদ

মাদ্ৰাছাখনত সংঘটিত প্ৰায় ৫৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে অহা 6 লক্ষাধিক টকাৰ কেলেংকাৰীত নাম সাঙোৰ খাইছে বিদ্যালয়খনৰ অধ্যক্ষ নীলকান্ত বৰুৱাৰ নাম ৷ অধ্যক্ষগৰাকীৰ সৈতে পৰিচালনা সমিতিৰ সভাপতিও জড়িত থকাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ অতিশীঘ্ৰে এই দুৰ্নীতিৰ এক নিৰপেক্ষ তদন্তৰ দাবী উত্থাপন কৰিছে ৰাইজে ৷

লগতে পঢ়ক-চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে ৰাজ্যজুৰি চাহ শ্ৰমিকৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details