অসম

assam

ETV Bharat / state

নাওবৈচাত শ্ৰমদানেৰে পথ মেৰামতি ৰাইজৰ - Naobaisa dilapidated road etv Bharat Assam

উল্লেখ্য যে, গাঁওখনৰ ৰাইজে পথটো মেৰামতি কৰি দিবলৈ বিভাগীয় কতৃপক্ষৰ লগতে স্থানীয় বিধায়কক বহুবাৰ আবেদন কৰিও কোনো সঁহাৰি নোপোৱা বুলি গুৰুতৰ অভিযোগ কৰিছে ৷ অৱশেষত গাঁওদুখনৰ ৰাইজৰ এই দীৰ্ঘদিনীয়া যাতায়তৰ দুৰাৱস্থা নাইকিয়া কৰিবলৈ ওলাই আহিল নাওবৈচা জিলা পৰিষদৰ সদস্য গহীন বৰা । জিলা পৰিষদৰ সদস্যগৰাকীয়ে ব্যক্তিগতভাৱে আৰ্থিক সাহাৰ্য আগবঢ়াই সোমবাৰে গাঁও দুখনৰ প্রায় শতাধিক পুৰুষ-মহিলাৰ শ্ৰম দানেৰে পথটো মেৰামতি কৰে।

Naobaisa
নাওবৈচা

By

Published : Jun 15, 2020, 10:34 PM IST

নাওবৈচা, ১৫ জুনঃ বছৰ-বছৰ ধৰি জৰাজীৰ্ণ পথেৰে যাতায়ত কৰি অতিস্থ হৈ পৰিছে নাওবৈচা বিধানসভা সমষ্টিৰ অধীনস্থ দ'লহাট-সোণাপুৰ পঞ্চায়তৰ ৰানাবাৰী-সোণাপুৰ গাঁৱৰ ৰাইজ ৷ জৰাজীৰ্ণ পথটোৰ বাবে জ্বলা-কলা খাবলগীয়া হৈছে দুখনকৈ গাঁৱৰ ৰাইজে ৷ স্বাধীনতা লাভ কৰা গৌৰৱময় ৭৩ টা বছৰ অতিক্ৰম কৰাৰ পিছতো নাওবৈচা সমষ্টিৰ বহু ভিতৰুৱা এলেকাত এতিয়াও বহু বাট-পথ জৰাজীৰ্ণ হৈ আছে ৷ ঠিক একেদৰে নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত দ'লহাট- সোণাপুৰ গাঁও পঞ্চায়তৰ এলেকাধীন ৰানাবাৰী-কঁঠালপুখুৰী সংযোগী জৰাজীৰ্ণ পথটোৱে দীৰ্ঘ দিনে জ্বলা-কলা খোৱাই আহিছে গাঁওদুখনৰ স্থানীয় ৰাইজক ৷

নাওবৈচা

এজাক সামান্য বৰষুণতেই যাতায়াতৰ বাবে অনুপযোগী হৈ পৰে উক্ত পথটো ৷ স্তব্ধ হৈ পৰে যাতায়াত সেৱা ৷ ইতিমধ্যে বিধ্বস্ত পথটোত বহু লোক দুৰ্ঘটনাত পতিত হৈছে । উল্লেখ্য যে, গাঁওখনৰ ৰাইজে পথটো মেৰামতি কৰি দিবলৈ বিভাগীয় কতৃপক্ষৰ লগতে স্থানীয় বিধায়কক বহুবাৰ আবেদন কৰিও কোনো সঁহাৰি নোপোৱা বুলি গুৰুতৰ অভিযোগ কৰিছে ৰাইজে ৷ অৱশেষত গাঁও দুখনৰ ৰাইজৰ এই সমস্যাৰ সমাধানৰ বাবে ওলাই আহিল নাওবৈচা জিলা পৰিষদৰ সদস্য গহীন বৰা । জিলা পৰিষদৰ সদস্যগৰাকীয়ে ব্যক্তিগতভাৱে আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ পাছত সোমবাৰে গাঁও দুখনৰ প্রায় শতাধিক পুৰুষ-মহিলাৰ শ্ৰম দানেৰে পথটো মেৰামতি কৰে।

লগতে পঢ়কঃ জোনাইত প্ৰথমটো কণ্টেইনমেণ্ট জ’ন ঘোষণা

জিলা পৰিষদৰ সদস্যগৰাকীৰ বৰঙনিৰে টেক্টৰ, চেণ্ড-গ্ৰেভেল আনি পথটো যাতায়তৰ উপযোগী কৰি তুলিবলৈ হাতে কামে লাগে স্থানীয় ৰাইজ । ইতিমধ্যে জিলা পৰিষদৰ সদস্যগৰাকীয়ে উক্ত পথটো পকীকৰণ কৰিবলৈ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ আঁচনিত অন্তৰ্ভুক্ত কৰিছে বুলি ৰাইজক অৱগত কৰিছে। নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰিবলৈ অহা জনপ্ৰতিনিধিয়ে ৰাইজৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ বাবেই ৰাইজে দীৰ্ঘদিনে বিধ্বস্ত পথটোৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে বুলিও অভিযোগ কৰে গহীন বৰাই। অতি শীঘ্ৰে পথটো মেৰামতি কৰি যাতায়াতৰ বাবে সু-ব্যৱস্থা কৰি দিবলৈ স্থানীয় জন প্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আহ্বান নাইছে স্থানীয় ৰাইজে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details