লখিমপুৰ, ২৬ ফেব্ৰুৱাৰী :অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ কেৰকেৰ ঘাটত উপস্থিত বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুইজ এম ভি গংগা বিলাস (MV Ganga Vilas arrived in Lakhimpur) । ২৮ বিদেশী পৰ্যটকক উষ্ম আদৰণি লখিমপুৰ জিলা প্ৰশাসনৰ । বিশ্বৰ সবাটোকৈ দীৰ্ঘতম ৰিভাৰ ক্ৰজ ‘‘এম ভি গংগা বিলাস’’ দেওবাৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ কেৰকেৰ ঘাট পাইহি ৷
জাহাজখনত যাত্ৰা কৰা মুঠ ২৮ গৰাকী বিদেশী পৰ্যটকক এম ভি লোহিত নামৰ আন এখন সৰু জাহাজেৰে জাহাজঘাটলৈ অনা হয় । তাতে তেওঁলোকক লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সত্তৱান প্ৰমুখ্যে লোকসকলে আদৰণি জনায় ৷ দেওবাৰে অসমৰ লগতে লখিমপুৰৰ জিলাৰ পৰ্যটন উদ্যোগ, বিশেষকৈ নদী পৰ্যটনৰ বাবে এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈছে ।
দেওবাৰৰ দিনটোত জিলাখনৰ পৰ্যটন উদ্যোগক আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰত তুলি ধৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনৰ উদ্যোগত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হয় ৷ যাৰ জৰিয়তে ৰিভাৰ ক্ৰুইজৰ যোগেদি লখিমপুৰত উপস্থিত হোৱা ২৮ জন বিদেশী পৰ্যটকে অসমৰ সাংস্কৃতিক আৰু সামাজিক জীৱন প্ৰত্যক্ষ কৰাৰ সুবিধা লাভ কৰে (River tourism in Assam)।
উল্লেখযোগ্য যে, অসমৰ নদী পৰ্যটনৰ ক্ষেত্ৰত লখিমপুৰ জিলায়ো বিশেষ সম্ভাৱনা বহন কৰিছে । ব্ৰহ্মপুত্ৰ নদীয়ে যেনেকৈ অসমৰ বিভিন্ন পৰ্যটনস্থলী, যেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মাজুলী, কামাখ্যা মন্দিৰ আদিক সংযোগ কৰিছে ৷ ঠিক তেনেকৈ সেই একেখন নদী আৰু তাৰ উপনদী কেইখনে লখিমপুৰ জিলাৰ বিভিন্ন স্থানত মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য উপহাৰ দিছে ।