বিহপুৰীয়া, 5 অক্টোবৰ: দেওবাৰে নাৰায়ণপুৰত সংঘটিত মাতৃ-কন্যাৰ ৰহস্যজনক মৃত্যুৰ পাছত নিশা জালুককটা গাঁৱত আৰক্ষী আৰু প্ৰতিবাদকাৰীসকল লিপ্ত হয় অন্য এক সংঘৰ্ষত ৷ স্থানীয় ৰাইজে এই মৃত্যু হত্যাকাণ্ড বুলি দাবী কৰাৰ লগতে সমগ্ৰ ঘটনাত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছিল দিনাৰাম ফুকনৰ বিৰুদ্ধে ৷ পৰৱৰ্তী সময়ত উত্তেজিত জনতাই লোকজনৰ বাসগৃহ জ্বলাই দিয়াৰ লগতে চোতালত মৃতদেহ সৎকাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে ৷ উক্ত ঘটনাৰ পিছতে অধিক শোচনীয় হয় অঞ্চলটোৰ পৰিস্থিতি ৷
মাতৃ-কন্যাৰ ৰহস্যজনক মৃত্যুত নাৰায়ণপুৰত ভয়াৱহ পৰিস্থিতি - লখিমপুৰ জিলা
লখিমপুৰ জিলাৰ নাৰায়ণপুৰত নতুন মোৰ লাভ কৰিছে মাতৃ-কন্যাৰ ৰহস্যজনক মৃত্যুৱে ৷ স্থানীয় ৰাইজৰ মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড ৷ শোচনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে অঞ্চলটোত জাৰি কৰিছে 144 ধাৰা ৷
নিশাৰ ভাগলৈ পৰিস্থিতি প্ৰশাসনৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত আৰক্ষীয়ে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালনা কৰাৰ লগতে লাঠীচালনা কৰি ৰবৰৰ বুলেট, কন্দুৱা গেছ আদি নিক্ষেপ কৰে ৷ আৰক্ষীৰ এই আক্ৰমণত বহু লোক আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে আহত হৈছে কেইবাগৰাকীও আৰক্ষী ৷ ইফালে গুলীবিদ্ধ হৈছে অঞ্চলটোৰ মাধৱ বৰা আৰু মাহমুদ হুছেইন নামৰ দুগৰাকী স্থানীয় লোক ৷ কৰ্মসূত্ৰে এগৰাকী আৰক্ষী মাধৱ বৰাৰ মুৰত গুলি সোমোৱাত অস্ত্ৰোপচাৰৰ বাবে প্রেৰণ কৰা হয় লখিমপুৰলৈ ৷ লগতে উন্নত চিকিৎসাৰ বাবে মাহমুদ হুছেইনকো লখিমপুৰলৈ প্রেৰণ কৰা হৈছে । লখিমপুৰ জিলা প্ৰশাসনে নিশা অঞ্চলটোত জাৰি কৰে 144 ধাৰা ৷ সম্প্ৰতিও অব্যাহত আছে প্ৰশাসনৰ দ্বাৰা জাৰি কৰা এই ধাৰা ৷
লগতে চাওকঃকলগাছিয়াত বেকী নৈৰ গৰাখহনীয়াৰ কালৰূপ