লখিমপুৰ, 4 মে’: তথাকথিত একাংশ উচ্চ শিক্ষিত লোকে চাফাই কৰ্মচাৰীসকলক সততে হেয় জ্ঞান কৰাৰ অভিযোগ উত্থাপিত হয় । পিছে তেনে মনোভাৱ দূৰ কৰিবলৈ হৰিজন চাফাই কৰ্মচাৰীসকলৰ সৈতে বুধবাৰে বিয়লি এসাঁজ খালে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা আৰু উপায়ুক্ত সুমীত সাত্তাৱনে (MP, MLA, DC enjoys lunch with horijon workers in Lakhimpur) ৷
লখিমপুৰ পৌৰ সভাৰ চৌহদত আয়োজন কৰা এই সম্প্ৰীতিৰ এসাঁজত উপস্থিত থাকি বিধায়ক মানৱ ডেকাই কয় যে, চাফাই কৰ্মচাৰীসকলক সাধাৰণতে হেয় দৃষ্টিৰে চোৱা হয় ৷ সেয়ে তেওঁলোকৰ সৈতে এসাঁজ খাই তেওঁলোকৰ কৰ্মোদ্যম বৃদ্ধি কৰাৰ উপৰি তেওঁলোকক এনেদৰে এক সুকীয়া মৰ্যাদা দিয়াৰ প্ৰয়াস কৰা হৈছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ।