অসম

assam

ETV Bharat / state

MP Gaurav Gogoi reaction: নিবনুৱাক চাকৰিৰ পৰিৱৰ্তে মদৰ বটল তুলি দিছে চৰকাৰে - MP Gaurab Gogoi slams BJP

লখিমপুৰত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী (DAC election 2022) প্ৰচাৰ চলাবলৈ গৈ BJP ক কঠোৰ সমালোচনা সাংসদ গৌৰৱ গগৈৰ । চৰকাৰে ৰাজ্যৰ যুৱকক চাকৰিৰ সলনি মদৰ বটল তুলি দিয়াৰ অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে(MP Gaurav Gogoi comment against BJP) ।

MP gaurav gogoi speech against bjp
নিবনুৱাক চাকৰিৰ পৰিৱৰ্তে মদৰ বটল তুলি দিছে চৰকাৰে

By

Published : Nov 5, 2022, 6:27 PM IST

লখিমপুৰ,৫ নৱেম্বৰ: "যি সময়ত বিজেপি চৰকাৰে নিবনুৱা যুৱকক চাকৰি দিব লাগিছিল সেই সময়ত হাতত তুলি দিছে মদৰ বটল ।" শনিবাৰে লখিমপুৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য আগবঢ়াই সাংসদ গৌৰৱ গগৈয়ে(DAC election 2022) । জিলা ৰাজীৱ ভবনত সাংসদ গৰাকীয়ে দলীয় কৰ্মী সকলৰ উষ্ণ আদৰণি গ্ৰহণ কৰাৰ পিছতেই এই মন্তব্য কৰে সংবাদমাধ্যমৰ সন্মুখত ।

নিবনুৱাক চাকৰিৰ পৰিৱৰ্তে মদৰ বটল তুলি দিছে চৰকাৰে

সাংসদগৰাকীয়ে উল্লেখ কৰে যে, গাঁৱে ভূঞে সোমাই বিজেপিৰ মন্ত্রী বিধায়কে বিজেপিক ভোট নিদিলে আঁচনি কৰ্তন কৰিম বুলি দমনৰাজ চলাইছে(MP Gaurav Gogoi comment against BJP) । BJP য়ে দিনত নিৰ্বাচনী প্ৰচাৰ চলাই আৰু ৰাতি ভোটাৰ ৰাইজক বিভিন্ন প্ৰকাৰে আঁচনি কাটি দিয়াৰ ধমক দিয়ে । দমন আৰু ভাবুকিৰেই BJP য়ে চৰকাৰ চলাই আছে বুলি অভিযোগ উত্থাপন কৰে সাংসদগৰাকীয়ে(MP Gaurav Gogoi slams BJP) ।

লগতে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত BJP য়ে ভয় খাইছে বুলি উল্লেখ কৰি তেঁও কয় যে কংগ্ৰেছলৈ ভয় কৰিয়েই আগন্তুক নিৰ্বাচনত প্ৰচাৰ অভিযানত নামি পৰিছে BJP ৰ মন্ত্ৰী-বিধায়কসকল । লগতে তেঁও কয় যে নিবনুৱা সকলক চাকৰি দিয়াৰ পৰিবৰ্তে মদৰ বেপাৰ কৰিবলৈ লগাই দিছে BJP চৰকাৰে । একেদৰে নিশাৰ ভাগত BJP কৰ্মী সকলে ভোটাৰ ৰাইজক ভাবুকি প্ৰদান কৰিলে Video recording ৰাখিবলৈও আহ্বান জনায় গৌৰব গগৈয়ে ।

উল্লেখ্য যে দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ(Deori Autonomous Council) নিৰ্বাচনক লৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে শাসক-বিৰোধীয়ে । সমানে সমানে চলিছে প্ৰতিপক্ষলৈ তীক্ষ্ণ বাক্যবাণ ।

লগতে পঢ়ক:Assam govt cabinet : স্থগিত ৰাজ্যিক কেবিনেটৰ শিলচৰৰ বৈঠক

ABOUT THE AUTHOR

...view details