অসম

assam

ETV Bharat / state

বানপানীৰ ৰক্ষাকৱচ নাই; প্ৰদানক প্ৰত্য়ুত্তৰ দিব ৰাইজে - MP Pradan Barua

বাৰিষা কাল সমাগত হৈ অহাৰ লগে লগে এতিয়া চিন্তিত হৈ পৰিছে নাওবৈচাৰ শিঙৰা নৈৰ সমীপৰ দহখনৰো অধিক গাঁওৰ ৰাইজ

শিঙৰা নৈৰ মথাউৰি

By

Published : Feb 27, 2019, 1:58 PM IST

নাওবৈচা, ২৭ ফেব্ৰুৱাৰীঃ লখিমপুৰৰ বানবিধ্বস্ত নাওবৈচাত আজিও নিৰ্মাণ হৈ নুঠিল বানপানীত বিধ্বস্ত হোৱা মাথাউৰি । সাংসদ প্ৰদান বৰুৱাৰ সমষ্টিৰ প্ৰায় ১০খনকৈ গাঁওৰ ৰক্ষাকৱচ শিঙৰা নৈৰ মথাউৰি আজিও উন্মুক্ত হৈয়ে পৰি ৰৈছে ।

বাৰিষা কাল সমাগত হৈ অহাৰ লগে লগে এতিয়া চিন্তিত হৈ পৰিছে নাওবৈচাৰ শিঙৰা নৈৰ সমীপৰ দহখনৰো অধিক গাঁওৰ ৰাইজ । ২০১৭ চনৰ প্ৰলয়ংকাৰী বানত বিধ্বস্ত হোৱা মাথাউৰিটো সাংসদীয় পূঁজিৰে নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সাংসদ প্ৰদান বৰুৱাই । বিভিন্ন সভা-সমিতিত অংশগ্ৰহণ কৰি সাংসদগৰাকীয়ে ঘোষণা কৰিছিল এই কথা । কিন্তু বৰ্তমানে প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ হোৱা সাংসদগৰাকীয়ে আজি পৰ্যন্ত ৰূপায়ন কৰিব নোৱাৰিলে নিজৰ মুখৰ কথা ।

শেহতীয়াকৈ লোকসভা নিৰ্বাচনৰ কামত ব্যস্ত থকা সাংসদগৰাকীয়ে বৰ্তমানে পাহৰি গৈছে নিজে প্ৰদান কৰা প্ৰতিশ্ৰুতি । প্ৰায় ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিটো নিৰ্মাণ নোহোৱাৰ ফলত এতিয়া শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।

শিঙৰা নৈৰ মথাউৰি

বাৰিষা সমাগত হৈ অহাৰ লগতে চমু চাপি আহিছে লোকসভা নিৰ্বাচনৰ দিন । এইবাৰ নিৰ্বাচনত ভোট খুজিবলৈ আহিলে সাংসদগৰাকীক এই কামৰ বাবে উচিত প্ৰত্য়ুত্তৰ প্ৰদান কৰাৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় ৰাইজে । কেন্দ্ৰ তথা ৰাজ্যত নিজ দলৰ চৰকাৰ থকাৰ পাচটো এইদৰে স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিও এইদৰে বিপদৰ মুখলৈ থেলি দিয়া বিজেপি সাংসদগৰাকীয়ে আগন্তুক লোকসভা নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্য়ুত্তৰ লাভ কৰিব বুলি প্ৰকাশ কৰে স্থানীয় ৰাইজে ।

ABOUT THE AUTHOR

...view details