অসম

assam

ETV Bharat / state

নাৰায়ণপুৰৰ চাৰি গৰাকী বিশিষ্ট ব্যক্তিলৈ মাডাৰ টেৰেছা বঁটা-2021 - দ্ৰোপাং আঞ্চলিক বিকলাংগ কেন্দ্ৰৰ পৰিচালক ধন্টি দাস

বিভিন্ন ক্ষেত্ৰত সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে নাৰায়ণপুৰৰ অগ্ৰনী বে-চৰকাৰী শৈক্ষিক প্ৰতিষ্ঠান একৰিট গ্ৰুপ অব্ এডুকেশ্যনে চাৰি গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়াইছে মাডাৰ টেৰেছা বঁটা ৷ বুধবাৰে আটাইকেইগৰাকীকে আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হয় ৷

mother-teresa-award-to-four-eminent-personalities-of-narayanpur
নাৰায়ণপুৰৰ চাৰি গৰাকী বিশিষ্ট ব্যক্তিলৈ মাডাৰ টেৰেছা বঁটা-2021

By

Published : Oct 7, 2021, 5:27 PM IST

বিহপুৰীয়া, 7 অক্টোবৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অগ্ৰণী বে-চৰকাৰী শৈক্ষিক প্ৰতিষ্ঠান একৰিট গ্ৰুপ অব্ এডুকেশ্যনৰ এক ব্যতিক্ৰমী পদক্ষেপ ৷ বিভিন্ন ক্ষেত্ৰত সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে প্ৰতিষ্ঠানখনে নাৰায়ণপুৰৰ চাৰি গৰাকী বিশিষ্ট ব্যক্তিক আগবঢ়ালে "মাদাৰ টেৰেছা বঁটা" ৷ ক'ভিডৰ সকলো নীতি-নিয়ম মানি বুধবাৰে একৰিট একাডেমীৰ সভাগৃহত অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিক আনুষ্ঠানিকভাবে এই বঁটা প্ৰদান কৰা হয় ৷

একৰিট গ্ৰুপ অব্ এডুকেশ্যনৰ তৰফৰ পৰা মাদাৰ টেৰেছা বঁটা-2021 লাভ কৰা সকল হৈছে ক্ৰমে-মাধৱদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট, সাহিত্যিক, সমাজসেৱক, নাৰায়ণপুৰৰ যোগেন্দ্ৰ নাথ দত্ত, বৃক্ষবন্ধু উপাধিৰে বিভূষিত প্ৰকৃতিপ্ৰেমী তথা আজীৱন সেউজীয়া হৈ থাকিব বিছৰা লীলা হাজৰিকা, দ্ৰোপাং আঞ্চলিক বিকলাংগ কেন্দ্ৰৰ পৰিচালক ধন্টি দাস আৰু সমাজসেৱক নাজিৰ হুছেইন ৷

উল্লেখ্য যে, এতিয়াৰে পৰা প্ৰতি বছৰে 6 অক্টোবৰৰ দিনটোত এনেদৰে এই বঁটা নিৰ্বাচিত ব্যক্তি সকলক বঁটা প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিছে একৰিট গ্ৰুপ অফ এডুকেশ্বনৰ সঞ্চালক মুকুন্দ মূৰাৰী চেতিয়াই ৷

লগতে পঢ়কঃতামুলপুৰত 44 টা চোৰাং চিকাৰীৰ আত্মসমৰ্পণ

ABOUT THE AUTHOR

...view details