লখিমপুৰ, ২২ মে':মাতৃত্বক কলংকিত কৰা এক ঘটনা সংঘটিত হৈছে লখিমপুৰত ৷ নিজ মাতৃয়ে কন্যাক মানৱ দেহ সৰৱৰাহকাৰীৰ হাতত গতাই দিলে ধনৰ বিনিময়ত ৷ লখিমপুৰৰ পানীগাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা (Mother sells daughter in Lakhimpur)৷ কেইটামান টকাৰ বাবেই নিজৰ কন্যা সন্তানক আনৰ হাতত তুলি দিবলৈও কুণ্ঠাবোধ নকৰিলে লখিমপুৰৰ পানীগাঁও মাজৰগাঁৱৰ এগৰাকী মহিলাই ।
এই ঘটনা পোহৰলৈ আনিছে লখিমপুৰ আৰক্ষীয়ে ৷ এগৰাকী মাতৃয়ে ১ লাখ ৩৫ হাজাৰ টকাত কন্যাক বিক্ৰী কৰিবলৈ উদ্যত হৈছিল বহিঃৰাজ্যৰ নাৰী দেহ ব্যৱসায়ী চক্ৰৰ হাতত । পিছে লখিমপুৰ আৰক্ষীৰ জালত পৰে মানৱ সৰবৰাহকাৰীৰ চক্ৰৰ বৃহৎ দলটো (Woman trafficking racket in Lakhimpur)। তিনিগৰাকী মহিলাসহ বহিঃৰাজ্যৰ চাৰিজন ব্যক্তিক আটক কৰি আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে ।