লখিমপুৰ, 1 মে’:নগাঁৱত ঘাটি পাতি লখিমপুৰলৈ নিতৌ সৰবৰাহ হয় ড্ৰাগছ । শনিবাৰে লখিমপুৰত মাৰাত্মক ড্ৰাগছ সৰবৰাহত শিশুক ব্যৱহাৰ সন্দৰ্ভত দেওবাৰে এক সংবাদ মেলৰ আয়োজন কৰি আৰক্ষী বিভাগে কেতবোৰ বিস্ফোৰক তথ্য সদৰি কৰে (Child drugs peddler in Lakhimpur)। এই সন্দৰ্ভত লখিমপুৰ সদৰ থানাত সম্বোধন কৰা সংবাদমেলখনত লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগে কয় যে, চলিত বৰ্ষটোত লখিমপুৰত আৰক্ষীয়ে উদ্ধাৰ কৰিছে চাৰে তিনি কেজি হেৰ’ইন, কুইন্টলৰো অধিক গাঞ্জা ।
ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা ছখন চাৰিচকীয়া বাহনসহ ভালেকেইখন বাইক আৰু বহু মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে । অসম-অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱাত শনিবাৰে ড্ৰাগছসহ তিনিজনক আটক কৰা হয় (Drugs peddler in Lakhimpur)। লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু বান্দৰদেৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনি সৰবৰাহকাৰীক ৷ ৪০ টা কন্টেইনাৰ তথা ৫.০৪ গ্ৰাম সন্দেহজনক নিষিদ্ধ হেৰ'ইনসহ মাজুলীৰ ৰমা গাম, বান্দৰদেৱা আৰক্ষী চকীৰ অন্তৰ্গত ২ নং পাৰ্বতীপুৰৰ মিনা বড়ী, লালুকৰ জীতেন বিশ্বাসক আটক কৰে আৰক্ষীয়ে ৷