অসম

assam

ETV Bharat / state

কৃষকৰ হুমুনিয়াহত পৰিণত সহস্ৰ বিঘা কৃষিভূমি - কৃষিজীৱী

নাওবৈচাত কৃষকৰ হুমুনিয়াহত পৰিণত পানীত ডুবি থকা সহস্ৰ বিঘা কৃষিভূমি ৷ শিঙৰা নদীয়ে অঘৰী কৰিলে গোসাঁনীবাৰী-গেলাহাটী অঞ্চলৰ বহু পৰিয়ালক ৷ অঞ্চলটোৰ কৃষিজীৱী ৰাইজে আজি বিলৰ এবুকু পানীৰ তলত থকা খেতিৰ মাটিডৰালৈ মনত পেলাই হুমুনিয়াহ কাঢ়ে ।

farmer's story
farmer's story

By

Published : Dec 18, 2020, 4:14 PM IST

নাওবৈচা, ১৮ ডিচেম্বৰ : লখিমপুৰ জিলাৰ নাওবৈচা ৰাজহ চক্ৰৰ বৃহত্তৰ এটা অঞ্চলৰ প্ৰাণকেন্দ্ৰ স্বৰূপ গেলাহাতী জলাশয় । এই জলাহভূমি বা বিলক কেন্দ্ৰ কৰিয়েই চলি আহিছে মধ্য নাওবৈচা আৰু ৰঙানদী গাঁও পঞ্চায়তৰ নদী পৰীয়া অঞ্চলটোৰ প্ৰায় ১৫ খন গাঁৱৰ ৰাইজৰ জীৱনযাত্ৰা । প্ৰত্যেক বছৰে অহা শিঙৰা নদীৰ সংহাৰী বান আৰু ৰঙানদীৰ বানে বিধ্বস্ত কৰা অঞ্চলটোৰ কৃষিজীৱী ৰাইজে আজি বিলৰ এবুকু পানীৰ তলত থকা খেতিৰ মাটিডৰালৈ মনত পেলাই হুমুনিয়াহ কাঢ়ে ।

এসময়ত ধনে-ধানে ভৰপূৰ অঞ্চলটোৰ ৰাইজে শস্য শ্যামলা পথাৰখন, ভৰাঁলৰ ধানকেইটালৈ মনত পেলাই নিৰৱে চকুলো টোকে । চকুৰে মনিব পৰা দূৰত্বলৈকে মেটেকা আৰু দলঘাঁহেৰে পৰিপূৰ্ণ এখন বিশাল আকাৰৰ জলাশয় । জলাশয়ৰ পাৰত ৰৈ ভাবিবলৈ টান হয় যে ইয়াত এখন শস্য শ্যামলা পথাৰ আছিল, যি পথাৰত শৰীৰৰ কেঁচা ঘাম পেলাই কৃষিজীৱী ৰাইজে সোণালী ভবিষ্যতৰ সপোন ৰচিছিল । এই গেলাহাতী জলাশয়ৰ বিলৰ কাষতে লাগি আছে গোসাঁনীবাৰী গাঁওখন ।

১৯৯৭ চনৰ আগলৈকে ৰাইজে শালি খেতিৰ উপৰিও বাও, সৰিয়হ খেতি কৰিছিলো এই খন পথাৰতেই । শিঙৰা নদীৰ মূল সুঁতিত বেদখল হোৱা বাবে নদীখন পূব দিশলৈ বৈ অহাত উভতনি পানীয়ে এই বৃহৎ জলাশয়টো সৃষ্টি কৰিলে । মাজে সময়ে ৰঙানদীৰ নীপকো সৃষ্ট পানীয়ে অঞ্চলটোত তাণ্ডৱ চলাই অহাৰ লগতে মথাউৰি ছিঙিলেই অঞ্চলটো ভয়ানক বানৰ কবলত পৰে । স্থানীয় এজন যুৱকে জানিবলৈ দিয়ে যে, ২০১৪ চনত ৰঙানদীৰ সোঁ পাৰৰ মথাউৰি খাৰকাটিত ছিগাৰ পাছতেই জলাশয়টো বেছি দ হৈ পৰে ।

গেলাহাতী জলাশয়

বৰ্তমান স্থানীয় চৰাই আৰু পৰিভ্ৰমী চৰাইৰো আশ্ৰয়স্থলত পৰিণত হোৱা বিলখনত মাগুৰ,কাৱৈ, শল, বৰালি,কান্ধুলি, শিঙি, গৰৈ আদিৰ মাছেৰে উভৈনদী । বাৰিষা অঞ্চলটোৰ ৰাইজে লাঙি জাল পাতি মৎস্য চিকাৰ কৰে । বিলখনৰ নিচেই কাষতে থকা বৰগঞা গেন্ধালি গাঁৱৰ ৰাইজে নিজেও বিলৰ মাছ খোৱাৰ লগতে বিক্ৰী কৰিও পৰিয়াল পোহ-পাল দি আহিছে । নৱেম্বৰৰ পৰাই বিলত জেং টানিবলৈ আৰম্ভ কৰে বুলি জানিবলৈ দিয়ে । বৰগঞা গেন্ধালিৰ ৯০ শতাংশ মিৰি জনগোষ্ঠীয় লোক । গাঁওখনৰ প্ৰতিঘৰ লোকে জীৱন-জীৱিকাৰ বাবে বিলখনৰ ওপৰতে নিৰ্ভৰ কৰে । মাছ মাৰি বিক্ৰী কৰাৰ লগতে গাহৰি পালন , হাঁহ-মুৰ্গী পুহিও পৰিয়াল পোহ পাল দিবলগীয়া হৈছে । গাঁওখনৰ প্ৰতিটো মিৰি জনগোষ্ঠীয় মহিলাই নিজৰ প্ৰয়োজনীয় কাপোৰ বৈ পিন্ধাৰ লগতে ঘৰৰ গিৰিহঁত আৰু আন সদস্যসকলকো কাপোৰ নিজে বৈ দিয়ে । ব্যৱসায়িক ভিত্তিত কাপোৰ বোৱা কটা কৰা নাই যদিও আৰ্থিক অনাতনৰ বাবেও মাজে সময়ে কাপোৰ বিক্ৰী কৰিবলগীয়া হয় বুলি জানিবলৈ দিয়ে।ইফালে জীৱন-জীৱিকাৰ তাড়নাত পৰি অঞ্চলটোৰ বহু শিক্ষিত যুৱকে বহিঃৰাজ্যলৈ ঢাপলি মেলিবলগীয়া হৈছে । অঞ্চলটোৰ বহু নিবনুৱা যুৱকে গুজৰাট, কেৰালা, গোৱা, হায়দৰাবাদ, চেন্নাই আদি ঠাইত গৈ কোম্পানীৰ বনুৱা অথবা চিকিউৰটি গাৰ্ডৰ দৰে কাম কৰি আছে বুলি অঞ্চলবাসীয়ে জানিবলৈ দিয়ে ৷

কৃষকৰ হুমুনিয়াহত পৰিণত সহস্ৰ বিঘা কৃষিভূমি

অঞ্চলটোৰ আন একাংশই শস্যভূমি জলাশয়ত পৰিণত হোৱাত ফিচাৰী খান্দি জীৱিকাৰ পথ বাছি লৈছে । গোসাঁনীবাৰী, গেলাহাতী, চেঙেলীজান, আহুমনি, শিঙৰা গাঁৱৰ প্ৰায় ৫৫২৫ বিঘা কৃষিভূমি বৰ্তমান জলাশয়ত পৰিণত হৈছে । যাৰ বাবে গাঁওকেইখনৰ কোনো এজন লোকে যোৱা ২০/২৫ বছৰে নাঙলৰ খুঁটিত ধৰিব পৰা নাই । উল্লেখযোগ্য যে ২০/২৫ বছৰ ধৰি ৰাইজে কৃষিকৰ্ম কৰিব নোৱাৰাত স্থানীয় চৰকাৰ, সংশ্লিষ্ট বিভাগ, জিলা প্ৰশাসনক শিঙৰা নদীৰ উভতনি পানী ওলাই যাব পৰাকৈ বিজ্ঞানসন্মত দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰিবলৈ আবেদন নিবেদন কৰি অহাৰ উপৰিও বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিছিল যদিও আজিলৈকে এই স্পৰ্শকাতৰ সমস্যাটো সমাধান নহ’ল । স্থানীয় ৰাইজে জানিবলৈ দিয়ে যে সাংসদ প্ৰদান বৰুৱাৰ সহ জনপ্ৰতিনিধি দলে অঞ্চলটো কেইবাবাৰো পৰিদৰ্শন কৰি সমস্যা সমাধানৰ আশ্বাস দিছিল যদিও আজিলৈকে কোনো আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল । আনহাতে মীন পালনৰ বাবেও চৰকাৰী পক্ষই কোনো আঁচনি গ্ৰহণ কৰা নাই বুলি ৰাইজে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :লং নিৰ্মাণৰ ধন আত্মসাৎ কৰাৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ দাৱনদিয়াত

ABOUT THE AUTHOR

...view details