বিহপুৰীয়া,২৭জুন: বুধবাৰে নাৰায়ণপুৰত সংঘটিত হয় জঘন্য কাণ্ড। ষাঠি উৰ্দ্ধৰ বৃদ্ধই ধৰ্ষণ কৰে এগৰাকী ৬ বছৰীয়া শিশুক। গাঁওখনৰে উমেশ্বৰ বৰুৱা নামৰ বৃদ্ধজনে ঘৰত কোনো নথকাৰ সুবিধা লৈ কল খাবলৈ মাতি আনে শিশুগৰাকীক । নিৰ্যাতিতা শিশুগৰাকী ঘৰলৈ আহি মাতৃক সকলো কথা বিৱৰি কয় । মাতৃয়ে ঘটনা সন্দৰ্ভত নাৰায়ণপুৰ আৰক্ষীৰ কাষ চাপে। আৰক্ষীৰ সহযোগত বুধবাৰে নিশা লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় । বৰ্তমানেও চিকিৎসাধীন হৈ আছে শিশুগৰাকী ।
৬০ বছৰীয়া বৃদ্ধই ধৰ্ষণ কৰিলে ৬বছৰীয়া শিশু - নাৰায়ণপুৰ আৰক্ষী
নাৰায়ণপুৰত ষাঠি উৰ্দ্ধৰ উমেশ্বৰ বৰুৱা নামৰ বৃদ্ধই ধৰ্ষণ কৰে এগৰাকী ৬ বছৰীয়া শিশুক, বৰ্তমানেও চিকিৎসাধীন শিশুগৰাকী
৬০বছৰীয়া বৃদ্ধই ধৰ্ষণ কৰিলে ৬বছৰীয়া শিশু
ইফালে আৰক্ষীৰ ভয়ত ঘৰৰ পৰা পলায়ন কৰা উমেশ্বৰ বৰুৱাক বৃহস্পতিবাৰে নাৰায়ণপুৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । চাৰি পুত্ৰৰ পিতৃ উমেশ্বৰ বৰুৱাই ঘৰত পত্নী-পুত্ৰ-বোৱাৰী নথকাৰ সুবিধা লৈ সংঘটিত কৰে জঘন্য কাণ্ড ৷
Last Updated : Jun 27, 2019, 6:45 PM IST