বিহপুৰীয়া,21 ফেব্ৰুৱাৰীঃ লক্ষীমপুৰৰ নাৰায়ণপুৰত সংঘটিত হৈছে এক ঘৃণনীয় কাণ্ড ৷ নকল বিচৰাৰ চলেৰে এগৰাকী পৰীক্ষকে শ্লীলতা হানিৰ চেষ্টা চলায় এগৰাকী পৰীক্ষাৰ্থীক ৷ ৰাজগড় চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত অনুষ্ঠিত হৈ থকা উচ্চতৰ মাধ্যমিকৰ ৰাজনীতি বিজ্ঞানৰ পৰীক্ষাত নকল বিচৰাৰ সন্দেহত পৰীক্ষাৰ্থীগৰাকীক ৰাতুল দত্ত নামৰ পৰীক্ষকজনে ছাত্ৰীগৰাকীৰ শ্লীলতা হানি কৰে ৷
উক্ত ঘটনাত অপমানিত ভুক্তভোগীৰ লগতে অন্যান্য পৰীক্ষাৰ্থীসকলে বিদ্যালয়খনৰ অধ্যক্ষক অভিযোগ দাখিল কৰাত অধ্যক্ষজনে বিষয়টো গাপ দিয়াৰ চেষ্টা কৰে ৷ কিন্তু পৰীক্ষাগৃহত চি চি টিভি নোহোৱাৰ দোহাই দি আত্মপক্ষৰ সমৰ্থনৰ বাবে কি প্ৰমাণ আছে বুলি ওলোটাই ছাত্ৰীগৰাকীক প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰে অধ্যক্ষজনে ৷